![]()
নিউজ ডেস্কঃ
১০ বা ১০০ নহয়, আমেৰিকাৰ সকলোতকৈ ধনী ৪০০ ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ নাম। যিটো শেহতীয়া ২৫ বছৰত এয়াই প্রথম!
ফোৰ্বছৰ আমেৰিকাৰ ৪০০ ধনী ব্যক্তিৰ তালিকাত নাম নাই ট্রাম্পৰ। জানিব পৰা মতে, ট্রাম্পৰ সম্পদৰ পৰিমাণ বৰ্তমান ২৫০ কোটি ডলাৰ৷ তালিকাত নাম উঠাৰ বাবে যিটো প্রায় ২৫ কোটি ডলাৰ কম।
অন্তিম বছৰত এই তালিকাত ৩৩৯ নম্বৰ স্থানত আছিল ট্রাম্প। কৰোনা অতিমাৰিৰ সময়ত ট্রাম্পৰ সম্পদত যথেষ্ট পতন লক্ষ্য কৰা গৈছিল। অন্য ধনকুবেৰসকলৰ পৰিস্থিতিৰ সৈতে খাপ খুৱাই নিজক ব্যৱসায়ত বৈচিত্ৰ্য আনিলেও প্রতিযোগিতাত পিছপৰি ৰয় প্রাক্তন ৰাষ্ট্ৰপতিজন।
ফোর্বছৰ মতে, প্রায় পাঁচ বছৰ আগতে ডোনাল্ড ট্রাম্পে নিজৰ ভাগ্যক বৈচিত্র্যময় কৰি তোলাৰ এক ভাল সুযোগ লাভ কৰিছিল। ২০১৬ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ পিছত, যুক্তৰাষ্ট্রৰ প্রশাসনে ৰিয়েল ইষ্টেট সম্পদ বিতৰণৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল ট্রাম্পক। স্বার্থৰ দ্বন্দ্ব এৰাই দায়িত্ব গ্রহণৰ বাবেই তেওঁৰ বিনিয়োগৰ ওপৰত নীতি নির্ধাৰণ কৰি দিছিল।
কিন্তু হোৱাইট হাউছত প্রবেশৰ মাত্র ৯ দিন আগতে এক সংবাদমেলত ট্রাম্পে গর্বৰে কৈছিল, দেশৰ ৰাষ্ট্ৰপতি এনে ধৰণৰ আইনৰ বাহিৰত। তেওঁ কৈছিল, “মই আচলতে আমাৰ ব্যৱসায় আৰু চৰকাৰ একেলগে চলাব পাৰিম। ময়েই একমাত্র ব্যক্তি, যিয়ে দুটা কাম একেলগে কৰিবলৈ সক্ষম৷”
সেই সময়ত ঋণৰ উপৰি ট্রাম্পৰ মুঠ সম্পদৰ পৰিমাণ আছিল প্রায় ৩৫০ কোটি ডলাৰ। ফলত সেই সময়ত যদি তেওঁ নিজৰ ৰিয়েল ইষ্টেট সম্পদ বিক্ৰী কৰি দিলেহেঁতেন, তেনেহ’লে আজি হয়তো এই পৰিণতি নহ’লহেঁতেন বুলিও ক’ব খোজে একাংশই।












