![]()
নিউজ ডেস্কঃ
উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ সংঘর্ষৰ ঘটনাত দুজনক গ্ৰপ্তাৰ কৰিলে উত্তৰ প্রদেশ আৰক্ষীয়ে। ধৃতকৰ নাম আশিস পাণ্ডে আৰু লৱকুশ ৰাণা। কিন্তু এই পর্যন্ত মূল অভিযুক্ত আশিস মিশ্রৰ কোনো সন্ধান নাই বুলি জনাইছে আৰক্ষীয়ে।
লখিমপুৰ আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, আশিস আৰু লৱকুশ দুয়োজনেই কেন্দ্রীয় মন্ত্রীগৰাকীৰ পুত্ৰৰ ঘনিষ্ঠ আছিল। উক্ত ঘটনাক বাকী অভিযুক্তসকলৰ সন্ধানত তালাচী চলি আছে। সোনকালে তেওঁলোককো গ্রেপ্তাৰ কৰা হ’ব বুলি তেওঁ জনাইছে।
উল্লেখ্য, বৃহস্পতিবাৰে লখিমপুৰৰ ঘটনা সন্দৰ্ভত স্বতঃপ্রণোদিত গোচৰৰ শুনানিত ছুপ্রিম কোর্টৰ প্রধান ন্যায়াধীশ এনভি ৰামনা, ন্যায়াধীশ সূর্যকান্ত আৰু হিমা কোহলীৰ খণ্ড বিচাৰপীঠে উত্তৰ প্রদেশ চৰকাৰৰ পৰা জানিব বিচাৰে যে হিংসাৰ ঘটনাত এই পর্যন্ত কিমানজনক গ্রেপ্তাৰ কৰা হৈছে? এই বিষয়ত ২৪ ঘণ্টাৰ ভিতৰত ষ্টেটাছ ৰিপোর্টো বিচাৰিছে প্রধান ন্যায়াধীশৰ বিচাৰপীঠে।












