![]()
নিউজ ডেস্কঃ
২০২১ৰ সাহিত্যত নোবেল বঁটা লাভ কৰিছে আব্দুল ৰাজ্জাক গুৰনাহে। ৭৩ বছৰীয়া তাঞ্জানিয়াৰ কথা সাহিত্যিকগৰাকীক এই বঁটা দিয়া হয় ‘ঔপনিবেশিকতাৰ অনুপ্রবেশৰ বিৰুদ্ধে তেওঁৰ আপোচহীন সংগ্রাম আৰু সংস্কৃতি আৰু মহাদেশীয় পৰিসৰৰ শৰণাৰ্থী মানুহৰ কণ্ঠস্বৰক সাহসেৰে দাঙি ধৰাৰ বাবে।’
আব্দুল ৰাজ্জাকৰ জন্ম পূব আফ্রিকাৰ জাঞ্জিবাৰত, ১৯৪৮ চনত। ১৯৬০ৰ দশকত তেওঁ শৰণাৰ্থী হিচাবে ইংলেণ্ডত উপস্থিত হয়। ১৯৬৩ত ব্রিটিছ ঔপনিবেশিকতাৰ পৰা জাঞ্জিবাৰ মুক্ত হয়। কিন্তু সেই সময়ত দেশখনত আৰম্ভ হয় আৰব-বংশোদ্ভৱসকলৰ বিৰুদ্ধে অত্যাচাৰ আৰু গণহত্যা। আব্দুল ৰাজ্জাক আৰু তেওঁৰ পৰিয়াল আক্রমণৰ লক্ষ্য হৈ পৰাত তেওঁলোকে দেশ এৰি গুচি যাবলগা হয়। ১৯৮৪ চনৰ আগতে তেওঁ গৃহভূমিলৈ উভতি যাব পৰা নাছিল।
এই ভূমিচ্যুত হোৱাৰ বেদনাই তেওঁক উত্তৰ-ঔপনিবেশিকতাবাদৰ দিশে দৃষ্টি প্রসাৰিত কৰিবলৈ বাধ্য কৰায়। পৰৱর্তী সময়ত তেওঁ কেন্টাৰবেৰিৰৰ ইউনিভাৰ্ছিটী অব কেন্টত ইংৰাজী আৰু উত্তৰ-ঔপনিবেশিক সাহিত্যৰ অধ্যাপক হিচাবে কাম আৰম্ভ কৰে। হাতত তুলি লয় নেন উওলে ছোইঙ্কা, নগুগি ওৱা থিয়োঙ্গো বা ছলমন ৰুশদিৰ দৰে লেখকসকলৰ সাহিত্য বিষয়ত পাঠদানৰ কাম। লগতে নিজেও কলম তুলি লয় ভূমিচ্যুত মানুহৰ বেদনা আৰু এৰি অহা দেশৰ স্মৃতি আৰু সত্তাক আশ্রয় কৰি।
২০০৫ চনত প্রকাশিত উপন্যাস ‘ডেছাৰচন’ত তেওঁ এনে এক প্রেমক দাঙি ধৰে, যিটো তেওঁৰ ভাষাত ‘সাম্রাজ্যবাদী ৰোমান্স’ৰ একেবাৰে বিপৰীত মেৰুত অৱস্থান কৰিছে।
তেওঁৰ প্রথম উপন্যাস ‘মেমৰি অব ডিপার্চাৰ’ (১৯৮৭)ত তেওঁ তৃতীয় বিশ্বৰ বিপ্লৱ-স্বপ্নৰ সেই ভঙ্গুৰতাক লিখি ৰাখিছিল, যাৰ সাক্ষী আছিল এছিয়া আৰু আফ্রিকাৰ অগণিত দেশৰ সৈতে ভাৰতো। ১৯৮৮ চনৰ উপন্যাস ‘পিলগ্রিমছ’ত তেওঁ এনে এক যাত্রাক অংকন কৰে, য’ত আত্মপৰিচয়, স্মৃতি আৰু আত্মীয়তাৰ বোধবোৰ প্রশ্নৰ সন্মুখীন হয়। ১৯৯৪ৰ উপন্যাস ‘পেৰাডাইছ’-এ তেওঁক দিয়ে বিশ্বজনীন খ্যাতি। তেওঁৰ অন্তিমখন উপন্যাস ‘আফটাৰলাইভছ’ প্রকাশিত হৈছে ২০২০ত।
এই পর্যন্ত ১০খন উপন্যাস আৰু এখন চুটিগল্পৰ সংকলন প্রকাশ হৈছে আব্দুল ৰাজ্জাকৰ।












