![]()
নিউজ ডেস্কঃ
ঘৰৰ কামত দিনটোৰ বহুখিনি সময় গুচি যায় বহু মহিলাৰ। পৰিসংখ্যা মতে, ভাৰতীয় মহিলাসকলে গড়ে প্রতিদিনে ৩৫২ মিনিট ঘৰৰ কামতে কটায়। ইয়াৰ ভিতৰত আছে ৰান্ধনিঘৰৰ কাম, চাফ-চিকুণ আদি। কিন্তু যদি এনে কোনো যন্ত্র থাকে, যাৰ দ্বাৰা এইবোৰ কামৰ পৰিমাণ বহুখিনি কমাই দিব পাৰে? যাৰ ফলত শ্রমৰ লগতে বহুখিনি সময় বাচিব বহু মহিলাৰ।
মধ্যপ্রদেশৰ কিশোৰী নৱশ্রী ঠাকুৰে দীর্ঘ দিন ধৰি মাতৃৰ এনে পৰিশ্রম দেখি মনত অনুভৱ হৈছিল, যদি সঁচাকৈয়েই এনে কোনো যন্ত্র বনাব পৰা যায়, যাৰ দ্বাৰা মাতৃৰ পৰিশ্রম কিছু কমিব! তেনেদৰে বহু ভাবি-চিন্তি অৱশেষত তেনে এক যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে নৱশ্রীয়ে। উক্ত যন্ত্রত অতি সহজেই পাকঘৰৰ আঠ প্ৰকাৰৰ কাম কৰিব পৰা যায়।
সংবাদ মাধ্যমৰ আগত কিশোৰীগৰাকীয়ে জনোৱা মতে, প্রাথমিক ধাৰণাটো মনলৈ অহাৰ লগে লগেই যন্ত্রটোৰ নক্সা কাগজত অংকন কৰি লয়। স্কুলৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী আৰাধনা পেটেলে তেওঁক সহায় কৰে। উক্ত ছবি লৈ নৱশ্রী উপস্থিত হয় স্থানীয় এজন ব্যক্তিৰ ওচৰত, যিয়ে কাঠৰ কাম কৰে। ছবি চাই তেওঁ যন্ত্রটো বনাই দিয়ে।
নৱশ্রীয়ে কয়, ‘‘মচলা বটা, তৰকাৰী কটাৰ দৰে কামত মাক সহায় কৰিব পৰা এটি যন্ত্রৰ কথা ভাবিছিলো। স্কুলৰ বিজ্ঞানৰ সহায়ত যন্ত্রটো বনাব পাৰিলো।’’
নৱশ্রীৰ মাতৃ ৰাজিনিয়ে জনোৱা মতে, অতি সহজতেই আঠ প্ৰকাৰৰ কাম তেওঁ ইয়াৰ সহায়ত কৰিব পাৰিছে। তাৰ ভিতৰত তৰকাৰী কটা, ফলৰ ৰস উলিওৱা, মচলা পিচা, ৰুটি বেলাৰ দৰে কাম আছে। আগতে এইবোৰ কাম কৰিবলৈ তেওঁৰ যিমান সময় লাগিছিল, এতিয়া তাৰ আধাও নালাগে।
যন্ত্রটো ইতিমধ্যে জনপ্রিয় হৈছে নৱশ্রীৰ অঞ্চলত। আনকি ইন্টাৰনেটৰ জৰিয়তে দেশৰ বিভিন্ন প্রান্তত ইয়াৰ খবৰ বিয়পি পৰিছে। যন্ত্রটো নিৰ্মাণ কৰোতে খৰচ হৈছে প্রায় ৩০০০ টকা। ইয়াৰ বাবে নৱশ্রীক অর্থ সাহায্য দিছে ‘নেচনেল ইনোভেচন ফাউণ্ডেচনে’। কেৱল সেয়াই নহয়, তেওঁক ‘ইনস্পায়াৰ’ বঁটাও দিছে এই চৰকাৰী প্রতিষ্ঠানটোৱে।












