![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আন্তৰ্জাতিক কন্যা সন্তান দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলা ন্যায় সেৱা প্ৰাধিকৰণ (ডিএলএছ)ৰ উদ্যোগত আজি ডিফু ছোৱালী মহাবিদ্যালয়ত এখনি আইনী সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিশেষকৈ পকচো, কন্যা শিশু সৰবৰাহ, শিশু শ্ৰমিক, বাল্য বিবাহ আদিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লগতে এই সন্দৰ্ভত আইনী দিশসমূহৰ সম্পৰ্কে আলোচনা কৰা হয় । অধিবক্তা ৰশ্মি ভড়ালীয়ে সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই সন্দৰ্ভত সবিশেষ ব্যাখ্যা দাঙি ধৰে। মহাবিদ্যালয়খনৰ ছাত্ৰীসকলৰ লগতে অধ্যক্ষা নিলোফাৰ বেগম উপস্থিত থকা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপিকা ডুৰমিলি হাঞ্চেপীয়ে আদৰণি ভাষণ প্ৰদান কৰে ।
সাংবাদিকৰ সৈতে বাৰ্তালাপত ডিফু ন্যায়িক আদালতৰ অধিবক্তা ৰশ্মি ভড়ালীয়ে কয় যে, সমাজৰ পৰা শিশু শ্ৰম, বাল্য বিবাহ, শিশু সৰবৰাহ, শিশুসকলৰ মাজত যৌন অপৰাধৰ অনুপাত হ্ৰাস কৰাৰ বাবে প্ৰতিজন অভিভাৱক আৰু সচেতন লোক আগবাঢ়ি আহিব লাগিব ৷ এনে সামাজিক ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ উপযুক্ত পদক্ষেপলৈ সমাজত সজাগতা সৃষ্টি কৰিব লাগিব ৷ বৰ্তমান শিশু অপৰাধ সুৰক্ষাৰ বাবে থকা পকচো আইনখন অধিক শক্তিশালী হ’ব যেতিয়া সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ দায়িত্ব বুজি এনে অপৰাধ ৰোধৰ বাবে নিজৰ সহযোগিতা আগবঢ়াব ৷
আনহাতে, পকচো আইনৰ ক্ষেত্ৰত জিলা আইন সেৱা প্ৰাধিকৰণে ভুক্তভোগী শিশুৰ গোপনীয়তা ৰক্ষা কৰি আইনী সাহায্য আগবঢ়ায় ৷ বিশেষকৈ এই আইনৰ ভুক্তভোগী শিশুৰ সাহায্য প্ৰাপ্তৰ বাবে ডিএলএছএই সুবিধা কৰি দিয়ে ৷












