![]()
নিউজ ডেস্কঃ
শুক্রবাৰে নৰওৱেৰ ৰাজধানী অছলোত ঘোষণা কৰা হয় ২০২১ চনৰ শান্তিৰ নোবেল বিজয়ীৰ নাম। এই বছৰ অত্যন্ত মর্যাদাপূর্ণ নোবেল শান্তি পুৰস্কাৰ লাভ কৰিছে মাৰিয়া ৰেছা (Maria Ressa) আৰু দিমিত্রি মুৰাতভে (Dmitry Muratov)। তেওঁলোক দুয়োজনেই সাংবাদিকতাৰ লগত জড়িত।
আজি শান্তিৰ নোবেল প্রাপকসকলৰ নাম ঘোষণা কৰে নোবেল কমিটিৰ সচিব প্ৰধান থমাছ পার্লমেনে। কমিটিয়ে জনায় যে মত প্রকাশৰ স্বাধীনতা ৰক্ষাৰ প্রচেষ্টাৰ বাবেই ২০২১ চনৰ নোবেল শান্তি পুৰস্কাৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তক যিকোনো দেশৰ গণতন্ত্র আৰু দীর্ঘস্থায়ী শান্তিৰ বাবে গুৰুত্বপূর্ণ বুলি বিবেচনা কৰা হৈছে।
উল্লেখযোগ্য যে মাৰিয়া ৰেছাৰ জন্ম ১৯৬৩ চনৰ ২ অক্টোবৰত ফিলিপিন্সৰ মেনিলাত। তেওঁ পেছাত ফিলিপিনো সাংবাদিক। আন্তর্জাতিক সংবাদ সংস্থাৰ হৈও দীর্ঘদিন সাংবাদিকতা কৰিছে তেওঁ। ২০১২ চনত মাৰিয়াই প্রতিষ্ঠা কৰে ৰেপলাৰ নামৰ এটি ডিজিটেল মিডিয়া প্লেটফর্ম।
আনহাতে, ১৯৬৬ চনত জন্মলাভ কৰা দিমিত্রি মুৰাতভ ৰাছিয়াৰ নাগৰিক।











