![]()
নিউজ ডেস্কঃ
আফগানিস্তানৰ মছজিদত বিস্ফোৰণত নিহত শতাধিক লোক, আহত বহু। জুম্মাৰ নামাজ চলি থাকোঁতেই উত্তৰ-পূব আফগানিস্তানৰ কুন্দুজ প্রদেশৰ এটি মছজিদত বিস্ফোৰণ হয়। এই পর্যন্ত কোনো সন্ত্ৰাসবাদী সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।
আমেৰিকাই আফগানিস্তান এৰাৰ পিছত এইটো হৈছে সকলোতকৈ ডাঙৰ আক্ৰমণৰ ঘটনা। কুন্দুজত চিয়া সম্প্রদায়ৰ মছজিদত এই বিস্ফোৰণ হয়। এই পর্যন্ত কোনো সংগঠনে বিস্ফোৰণৰ দায়িত্ব নল’লেও সন্দেহৰ আঙুলি আইএছ-কে’ৰ দিশে।
বিস্ফোৰণ সন্দৰ্ভত তালিবান মুখপাত্র জাবিউল্লা মুজাহিদে কয়, ‘‘কুন্দুজৰ চিয়া সম্প্রদায়ৰ মছজিদক আক্ৰমণৰ লক্ষ্য কৰা হয়। বিস্ফোৰণত বহু মানুহৰ প্রাণহানিৰ খবৰ আহিছে। তালিবানৰ বিশেষ বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁলোকে ঘটনাৰ পূর্ণাঙ্গ তদন্ত কৰিব।’’












