![]()
অজন্তা তালুকদাৰ
বোকাখাত : গোলাঘাট জিলা সাহিত্য সভা আৰু বোকাখাত পুৱতি সাহিত্য সভাৰ যৌথ উদ্যোগত অহা ১০ অক্টোবৰত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত উদযাপিত হ’ব জনসুহৃদ চিদানন্দ শইকীয়াৰ ১০১ সংখ্যক জন্ম দিৱস। বোকাখাত পুৱতি সাহিত্য সভা আৰু বোকাখাতৰ সাংবাদিকতাৰ জন্মদাতা, ‘সত্যাগ্ৰহী’, ‘জুয়ে পোৰা সোণ’, ‘ৰঙচুৱা পৃথিৱীৰ সেউজীয়া বোল’ আদি বহুকেইখন মূল্যৱান গ্ৰন্থৰ স্ৰষ্টা তথা ‘ছোভিয়েট দেশ নেহৰু বঁটা’ প্ৰাপক, ১৯৪৩-৪৫ চনৰ অসম ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক, অসম চৰকাৰৰ ‘কৃতি শিক্ষক’ বঁটা প্ৰাপক, প্ৰগতিশীল শিল্পী, সাহিত্যিক সংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য, মাৰ্ক্সবাদী চিন্তাধাৰাৰ বাহক জনসুহৃদ গৰাকীৰ ১০১ সংখ্যক জন্ম দিৱস উপলক্ষ্যে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত পতাকা উত্তোলন, মাল্যাৰ্পন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণৰ লগতে অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত প্ৰয়াত চিদানন্দ শইকীয়াৰ কালজয়ী উপন্যাস ‘সত্যাগ্ৰহী’ৰ ইংৰাজী অনুবাদ গ্ৰন্থ আৰু বিশিষ্ট লেখিকা, গোলাঘাট জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰয়াত শইকীয়াৰ সহধৰ্মিণী অন্নদা শইকীয়াৰ ‘প্ৰেৰণাময়ী, সেৱাব্ৰতা অন্নদা শইকীয়া ৰচনাৱলী’ শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰা হ’ব। অনুষ্ঠানত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা বিশিষ্ট লেখিকা ড° বিভা বৰাক জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা প্ৰদান হ’ব।
বিয়লিলৈ জনসুহৃদ চিদানন্দ শইকীয়া স্মৃতি উদ্যানত বন্তি প্ৰজ্বলন কৰা হ’ব। জন্ম দিৱস উদযাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পবিত্ৰ বৰবৰা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক আৰু জিলা প্ৰতিনিধি দিগন্ত ভূঞা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত আদি। উক্ত সমূহ কাৰ্যসূচীত গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰা আৰু বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই সমূহ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে।













