ষ্টাফ ৰিপ’ৰ্টাৰ
জেলত থাকিও গ্ৰেপ্তাৰৰ পৰা হাত সাৰিব পৰা নাই মডেল ৰাজকন্যা বৰুৱাই। মঙলবাৰে পুনৰ দুৰ্ঘটনা গোচৰত জেলতে দিছপুৰ আৰক্ষী হাতত গ্ৰেপ্তাৰ হয় সুৰাপায়ী মডেল গৰাকীক। ৩ বছৰৰ পুৰণি দুৰ্ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰি কামৰূপ(ম) জিলা ন্যায়িক দণ্ডাধীশৰ আদালত হাজিৰ কৰে। উল্লেখ্য যে, ২০১৭ চনত ৰাজকন্যাই এএছ-০১-জি-২১৯৪ নম্বৰ বিলাসী বাহনখনৰে ছয়মাইলত সংঘটিত কৰিছিল অন্য এটা দুৰ্ঘটনাৰ। নিশা প্ৰায় ১২.৪৫বজাত সংঘটিত দুৰ্ঘটনাত সোণাৰীৰ প্ৰাক্তন বিজেপিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰ কৰণ জ্যোতি সন্দিকৈ গুৰুত্বভাৱে আহত কৰিছিল।
ইফালে, দুৰ্ঘটনাৰ পাছত ২০১৮ চনত ৭৪৭/২০১৮ নম্বৰত গোচৰ ৰুজু হৈছিল। উক্ত গোচৰতে দিছপুৰ আৰক্ষীয়ে আজি পুনৰ গ্ৰেপ্তাৰ কৰিছে।
আনহাতে, আদালতে ৰাজকন্যাক পুনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে।