![]()
ছাইদুল ইছলাম
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুতো আজি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকৰ মাজত বিনামূলীয়া চাউল বিতৰণ কৰা হয় ৷ মঙলবাৰে ডিফু সমবায় সমিতিসমূহৰ পাইকাৰী বিক্ৰী কেন্দ্ৰত আয়োজিত বিতৰণী অনুষ্ঠানত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ মাজত চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ফটো সম্বলিত এক বিশেষ মোনাৰ জৰিয়তে বিনামুলীয়া চাউল আনুষ্ঠানিক বিতৰণৰ শুভ উদ্ধোধন কৰে ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া-দৰিদ্ৰ সকলৰ সমস্যা সমাধানৰ স্বাৰ্থত বাজেটত ১ লাখ ৭০ হাজাৰ কোটি ধাৰ্য কৰিছে ৷ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ অধীনত প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বিনামুলীয়া চাউল প্ৰদান কৰা হ’ব ৷ আজি ইয়াৰ আনুষ্ঠানিক বিতৰণৰ শুভ উদ্ধোধন কৰা হয় ৷
আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মনোনিত সদস্য অজিত দে’ই সাংবাদিকৰ আগত কয় যে, জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহামাৰী সদৃস ক’ভিডৰ প্ৰকোপত পৰি বিধ্বস্ত হৈ পৰা দৰিদ্ৰ সকলক আৰম্ভণিৰ পৰাই বিনামূলীয়া চাউল, ডাইল তেল আদি বিতৰণ কৰি সকাহ দি আহিছে ৷ চলিত বৰ্ষতো ক’ভিডৰ দ্বিতীয় লহৰতো প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰতিটো দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হিতাধিকাৰীক ৫ কেজিকৈ চাউল অতিৰিক্ত বিতৰণ কৰা হৈছে ৷
লগতে দৰিদ্ৰ পৰিয়ালক প্লাষ্টিক বৰ্জন কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত এক বিশেষ মোনাও প্ৰদান কৰা হৈছে ৷ আজিৰ আনুষ্ঠানিক বিতৰণী সভাত পূৱ কাৰবি আংলঙ বিজেপিৰ সভাপতি ধনছিং টেৰণ, বিধায়ক বিদ্যাছিং ইংলেঙ ইএম ৰতন টেৰণৰ লগতে কেইবাগৰাকী ইএম এমএচি আৰু বিষয়া-কৰ্মকৰ্তা উপস্থিত থাকে ৷












