![]()
ছাইদুল ইছলাম
ডিফু : শাৰদীয় দুর্গাপূজাৰ সময়ৰে পৰা চুবুৰীয়া ৰাষ্ট্র বাংলাদেশত একাংশ মৌলবাদী দুষ্কৃতিকাৰীয়ে হিন্দু
ধর্মাৱলম্বীসকলৰ ওপৰত পাশৱিক নির্যাতন অব্যাহত ৰখাৰ লগতে হিন্দুসকলৰ উপাসনাস্থল আদি ভাঙি লণ্ড-ভণ্ড কৰাৰ ঘটনাই সমগ্র দেশজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ সময়তে আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত বাংলাদেশত থকা হিন্দু ধর্মাবলম্বীসকলৰ ওপৰত চলা নির্যাতনৰ ঘটনাৰ বিৰুদ্ধে ব্যাপক প্রতিবাদী কাসূচী ৰূপায়ণ কৰা হয়। ডিফু ৰংখেলানস্থিত ইস্কন মন্দিৰৰ পৰা উলিওৱা এক প্রতিবাদী সমদলত অংশগ্রহণ কৰা প্রতিবাদকাৰীসকলে সমগ্র ডিফু চহৰ প্রদক্ষিণ কৰি বাংলাদেশত চলি থকা এনে নির্যাতনৰ ঘটনা বিৰুদ্ধে প্রতিবাদ সাব্যক্ত কৰে।
প্রতিবাদকাৰীসকলে ‘হত্যাকাৰী হুচিয়াৰ হিন্দুৰ ওপৰত নির্যাতন নচলিব’, দোষীক উপযুক্ত শাস্তি দিয়ক’ আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্রতিবাদী সমদলটো ডিফুস্থিত কাৰ্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এন্টনিআ গুটেবেজলৈ এখনি স্মাৰকপত্র প্রেৰণ কৰে।
স্মাৰকপত্র যোগে প্রতিবাদকাৰীসকলে বাংলাদেশৰ ভূমিত হিন্দুসকলৰ ওপৰত চলা নাৰকীয় নির্যাতনৰ ঘটনা সন্দর্ভত ৰাষ্ট্রসংঘৰ হক্তক্ষেপ দাবী কৰাৰ লগতে এই ঘটনাৰ দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্রদান কৰাৰ দাবী জনায়।













