বিশেষ প্ৰতিবেদন:
ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ এবছৰীয়া বেবী ব্রিগছৰ উপাৰ্জন মাহত লাখ টকাৰ অধিক। শুনি অবাক হৈছে? ভাবিছে এবছৰীয়া শিশু আকৌ ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ! কেৱল সেয়াই নহয়, তেওঁৰ মাহিলি উপাৰ্জন প্রায় লাখ টকা। ইতিমধ্যেই জনপ্রিয় এইগৰাকী শিশু। কিন্তু কেনেদৰে?
বেবি ব্রিগছে ছচিয়েল মিডিয়াত ব্লগ বনায়। ২০২০ চনৰ ১৪ অক্টোবৰত জন্ম তেওঁৰ। মাত্র এক বছৰতে আমেৰিকাৰ আলাস্কা, কেলিফোর্নিয়া, ফ্লোৰিডা, ইটনসহ ১২খন প্রদেশ ঘূৰিছে শিশুটি। ইনস্টাগ্রামত ৩০ হাজাৰৰো অধিক ফলোৱাৰ্ছ আছে বেবী ব্রিগছৰ। তেওঁৰ মাতৃয়ে ইতিমধ্যে এটি ট্রেভেল ব্লগ বনাবলৈ আৰম্ভ কৰিছে। যাৰ নাম ‘Part Time Tourists’।
বেবী ব্রিগছৰ মাতৃয়ে জনোৱা মতে, ‘অন্তঃসত্ত্বা হোৱাৰ পিছত মই ভাবিছিলোঁ কেৰিয়াৰ শেষ। ইয়াৰ পিছৰ পৰাই ছচিয়েল মিডিয়াত কিবা কৰাৰ চেষ্টা কৰিছিলোঁ। বেবী ট্রেভেল সন্দৰ্ভত ছার্চ কৰি থাকোঁতে মোৰ দৃষ্টিলৈ আহে এনে কিছু বিষয় যিবোৰ তেতিয়ালৈকে কোনেও কৰা নাই। মই বেবী ট্রেভেলক বিষয় হিচাবে নির্বাচিত কৰো। আৰু আৰম্ভ কৰো এই যাত্ৰা।’
তেওঁ কয়, ‘কোভিড পৰিস্থিতিতো আমি বিভিন্ন স্থান ঘূৰিছো। কিন্তু শাৰীৰিক দূৰত্ব বজায় ৰাখি।’
এবছৰীয়া বেবী ব্রিগছক এটি ডাইপাৰ কোম্পানী ডাইপাৰে স্পনছৰ কৰে।