![]()
ছাইদুল ইছলাম
ডিফু : বিজেপি চৰকাৰৰ আমোলত অত্যাৱশ্যকীয় সামগ্রীৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্রতিবাদ অব্যাহত থকাৰ সময়তে আজি দুয়োখন পাহাৰীয়া জিলা ক্রমে কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফু আৰু ডিমা হাচাও জিলাৰ সদৰ চহৰ হাফলঙত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্রেছ দলে ব্যাপক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে। ডিফুৰ চেমচনিছিং ইংতি স্মৃতি উদ্যানত আজি কংগ্রেছৰ ভালে সংখ্যক নেতা-কর্মীয়ে হাতে হাতে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী সম্বলিত প্লে-কার্ড প্রদর্শন কৰি প্রতিবাদ সাব্যস্ত কৰে।
প্রতিবাদকাৰীসকলে লগতে অত্যৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি ৰোধ কৰক’, ‘বিজেপিয়ে দিয়া নির্বাচনী প্রতিশ্রুতি পালন কৰক’, নাৰীৰ সুৰক্ষা প্রদান কৰক’, ‘ষষ্ঠ অনুসূচীৰ মর্যাদা ৰক্ষা কৰক বিজেপি হায় হায়’, ‘তুলিৰাম ৰংহাং হায় হায়’, ‘কংগ্রেছ জিন্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ডিফুৰ এই প্রতিবাদী কার্যসূচীত কার্বিআংলং জিলা কংগ্রেছৰ সভাপতি খৰচিং ইংতি, কার্যকৰী সভাপতি অশোক টেৰণ, উপ-সভাপতি ৰতন ইংতি আদি উপস্থিত থাকে।
আনহাতে, হাফলঙৰ ৰাজীব ভৱনৰ সন্মুখত আজি ডিমা হাচাও জিলা কংগ্রেছে মূল্যবৃদ্ধি ৰোধৰ দাবীত অনুৰূপ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে। হাফলঙত কংগ্রেছৰ এই প্রতিবাদী কার্যসূটীত ডিমা হাচাও জিলা কংগ্রেছৰ সভাপতি নির্মল লাংথাছা, পৰিষদীয় সদস্য ডেনিয়েল লাংথাছা, প্রদেশ কংগ্রেছৰ মুখপাত্র পার্থপ্রতীম বৰা আদি উপস্থিত থাকে। সংবাদ মাধ্যমৰে হোৱা বার্তালাপত প্রদেশ কংগ্রেছব মুখপাত্রগৰাকীয়ে মূল্যবৃদ্ধি ৰোধত বিজেপি দলে ব্যর্থতা প্রদর্শন কৰা বুলি তীব্র ভাষাৰে চৰকাৰক সমালোচনা কৰাৰ লগতে বিজেপিয়ে নির্বাচনৰ সময়ত ভুৱা প্রতিশ্রুতিহে প্রদান কৰি অহা বুলি মন্তব্য কৰে।












