নিউজ ডেস্কঃ
কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ প্ৰকোপ কিছু পৰিমাণে কমিবলৈ ধৰাৰ লগে লগে সমগ্ৰ দেশতে ক্ৰমান্বয়ে চিনেমাহ’ল খুলিবলৈ চৰকাৰে নিৰ্দেশ দিছিল যদিও ইয়াৰ পৰা বঞ্চিত হৈ আছিল মহাৰাষ্ট্ৰ। ফলত স্তব্ধ হৈ আছিল মায়ানগৰী মুম্বাইৰ লগতে সমগ্ৰ মহাৰাষ্ট্ৰৰ চিত্ৰগৃহ। কিন্তু বহু অপেক্ষাৰ অন্তত আজিৰে পৰা মহাৰাষ্ট্ৰত খুলি দিয়া হ’ল চিত্ৰগৃহৰ দুৱাৰ। চিত্ৰপ্ৰেমীসকলৰ এই আনন্দ দুগুণ বৃদ্ধি কৰি আজি সমগ্ৰ মহাৰাষ্ট্ৰত মুক্তি দিয়া হ’ল বলিউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ শেহতীয়া ছবি ‘বেল বটম’।
পূজা এণ্টাৰটেইনমেণ্টৰ বেনাৰত বাসু ভাগনানীয়ে প্ৰযোজনা কৰা ‘বেল বটম’ নামৰ এই ছবিখন চাবলৈ আজি ৰাজ্যখনৰ আন আন প্ৰান্তৰ লগতে মায়ানগৰী মুম্বাইতো দেখা গ’ল চলচ্চিত্ৰপ্ৰেমীৰ বিশেষ উৎসাহ। উল্লেখ্য যে মুম্বাইৰ প্ৰায় ৪০টা চিত্ৰগৃহত মুক্তি দিয়া হৈছে অক্ষয় কুমাৰৰ এই নতুন ছবিখন। ইতিমধ্যে দেশৰ আন আন ৰাজ্যত মুক্তি লাভ কৰা ছবিখন মহাৰাষ্ট্ৰ অথবা মুম্বাইৰ দৰ্শকে উপভোগ কৰিব পৰা নাছিল। কিন্তু আজিৰে পৰা ছবিখনৰ দুই-তিনিটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে মায়ানগৰীৰ ছবিগৃহসমূহত।
থ্ৰীলাৰধৰ্মী এই ছবিখনৰ পৰিচালনা ৰঞ্জিত তিৱাৰীৰ। আনহাতে ছবিখনত অক্ষয় কুমাৰৰ লগতে অভিনয় কৰিছে লাৰা দত্ত ভূপতি, হুমা কুৰেশ্বি, বাণী কাপুৰ আদিয়ে। আনহাতে অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে এই বিগবাজেটৰ ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে অসমৰ সু-সন্তান আদিল হুছেইনে। আশাপ্ৰদভাৱেই ছবিখন চাবলৈ মুম্বাইৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহসমূহত দেখা গ’ল দৰ্শকৰ দীঘলীয়া শাৰী।