ছাইদুল ইছলাম
ডিফু : পুলিছৰ ফ্লেগ ডে’ উপলক্ষে আৰু সতৰ্কতা সপ্তাহ লগতে স্মৃতিৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলা আৰক্ষীৰ উদ্যোগত আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত এক মিনি মাৰাথান দৌৰ অনুষ্ঠিত হৈ যায় ৷ আজি প্ৰাতঃ পুৱাতে ডিফু আৰক্ষী ছাউনিৰ খেলপথাৰত অসম আৰক্ষীৰ জোৱান, ভিডিপি কৰ্মী, আৰু স্থানীয় লোক সমবেত হৈ মিনি মাৰাথান দৌৰত অংশগ্ৰহণ কৰে ৷ কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে মিনি মাৰাথান দৌৰৰ ফ্লেগ অফ কৰে ৷ কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ লগতে ৬৮ গৰাকীকৈ আৰক্ষী জোৱান আৰু ভিডিপি কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
উক্ত মিনি মাৰাথান দৌৰ ডিফু আৰক্ষী ছাউনীৰ পৰা লামডিং পথৰ নাৰ্চেছ ট্ৰেইনিং চেণ্টাৰলৈকে ওলোৱা হয় ৷ উক্ত মাৰাথানত প্ৰথম স্থান লাভ কৰে পানবাৰী গাওঁৰক্ষী বাহিনীৰ সহকাৰী সাধাৰণ সম্পাদক শিৱা নাৰ্জাৰী, দ্বিতীয় স্থান লাভ কৰে গাওঁৰক্ষী বাহিনীৰ উপদেষ্টা কুমচিং টৰণে৷ তৃতীয় স্থান লাভ কৰে, এবিচি ইলয়াউনবে নিউমে, চতুৰ্থ স্থান আৰক্ষী জোৱান আনন্দ বে’ লাভ কৰে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে, ৰাইজক ভ্ৰষ্টাচাৰ আৰু অপৰাধৰ পৰা পৰিত্ৰাণ পাবলৈ সজাগ কৰাৰ উদ্দেশ্যেই সতৰ্ক সপ্তাহ আৰু স্মৃতিৰক্ষা আৰু ফ্লেগ ডেৰ লগগত সংগতি ৰাখি এই মাৰাথান দৌৰৰ অনুষ্ঠিত কৰা হৈছে ৷