ছাইদুল ইছলাম
ডিফু : এইবাৰ আন্তঃৰাজ্যিক গাড়ী চক্ৰই ব্যৱহাৰ কৰিছে নতুন কৌশল ! শুনিলে হয়তু আপোনাৰ চকু কঁপালত উঠিব৷ আৰক্ষীৰ চকুত ধুলি দিবলৈ গাড়ী চোৰ চক্ৰই গাড়ীত ব্যৱহাৰ কৰিছে অসম আৰক্ষীৰ প্ৰতীক চিহ্ন ৷ কার্বি আংলং জিলাৰ ৰাষ্ট্রীয় ঘাইপথসমূহক মুখ্য কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আন্তঃৰাজ্যিক
গাড়ীচোৰ চক্রই চুবুৰীয়া ৰাজ্যলৈ চুৰি বাহনৰ সৰবৰাহ অব্যাহত ৰখাৰ বিৰুদ্ধে কার্বি আংলং জিলা আৰক্ষীয়েও বিগত সময়ছোৱাত এই অপৰাধী চক্রৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখি বুজনসংখ্যক চুৰি বাহন উদ্ধাৰ কৰাৰ লগতে ভালেসংখ্যক আন্তঃৰাজ্যিক গাড়ীচোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ পিছতো তৎপৰতা অব্যাহত ৰখা গাড়ীচোৰ চক্রই চুৰি বাহনৰ সৰবৰাহ কৰাৰ বাবে আৰক্ষীৰ চকুত ধুলি দিয়াৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।
শেহতীয়াকৈ এই গাড়ীচোৰ চক্রই অসম আৰক্ষীৰ প্রতীক চিহ্ন (ল’গ) ব্যৱহাৰ কৰি গাড়ী চুৰিৰ আমোদজনক তথা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। বিগত প্রায় পাঁচ দিন ধৰি কার্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে কার্বি আংলঙৰ লগতে চুবুৰীয়া মণিপুৰত অভিযান চলাই দুই দুর্ধর্ষ গাড়ীচোৰক গ্রেপ্তাৰ কৰাৰ লগতে এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। এই সন্দর্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি, যোৱা ২২ অক্টোবৰ পুৱা প্রায় ১০.৩० বজাত মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত তথা উপ-পৰিদর্শক নিলোৎপল দলেৰ নেতৃত্বত মাঞ্জা আৰক্ষীৰ এটা দলে চলোৱা নিয়মীয়া তালাচীৰ সময়ত এএছ-০১-ইই-৫৫৮৮ নম্বৰৰ এখন কিয়া ছেল্টছ বাহন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ দলটোৱে চলোৱা তালাচীত বাহনখনৰ তলা ভঙাৰ চিন পোৱাৰ লগতে নথি-পত্রৰো খেলিমেলি প্রত্যক্ষ কৰে। সকলো পৰীক্ষাৰ অন্তত বাহনখন চুৰ কৰি
অনা বুলি আৰক্ষী নিশ্চিত হয়। গুৰুত্বপূর্ণ বিষয় এয়ে যে আৰক্ষীৰ চকুত ধুলি দিয়াৰ উদ্দেশ্যে অপৰাধী চক্রই বাহনখনত এনচিআৰবি আৰু অসম আৰক্ষীৰ প্রতীক চিহ্ন (লগ) ব্যৱহাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বাহনখনৰ চালকজনক আৰক্ষীয়ে লগে লগে আটক কৰি চলোৱা জেৰাত গাড়ী চালকজনে মণিপুৰ, গুৱাহাটী আদি ঠাইৰ সৈতে থকা সংযোগৰ কথা স্বীকাৰ কৰাৰ লগতে গড়ীচোৰ চক্রৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে। ধৃত গাড়ীচোৰটো মণিপুৰৰ ওখ্রোল জিলাৰ টেওনেম নিবাসী এল এইচ বিংখাংমী বুলি চিনাক্ত কৰা হৈছে। এই সন্দর্ভত মাঞ্জা থানাত পুস নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ধৃত গাড়ীচোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত মাঞ্জা আৰক্ষীৰ এটা দলে মণিপুৰত গাড়ীচোৰ চক্রৰ বিৰুদ্ধে অভিযান চলায়।
মণিপুৰ ওপ্রোলত মাঞ্জা আৰক্ষীৰ দলটোৱে অভিযান চলাই ওখ্ৰোল জিলাৰ লুংহাৰ নিৱাসী আৰকে ছিমৰায় ওৰফে ব্রাইটন নামৰ অন্যতম দুর্ধৰ্ষ গা়ড়ীচোৰটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত দুর্ধষ গাড়ীচোৰ দুটাক ইতিমধ্যে ডিফু চি জে এম আদালতত হাজিৰ কৰোৱাই মাঞ্জা আৰক্ষীয়ে দুদিন জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। ধৃত দুই গাড়ীচোৰ চক্রৰ পৰা আন্তৰাজ্যিক গাড়ীচোৰ চক্রৰ বিৰুদ্ধে আন কেতবোৰ গুৰুত্বপূর্ণ তথ্য লাভ কৰাৰ আশা প্ৰকাশ কৰিছে মাঞ্জা আৰক্ষীয়ে ৷