![]()
নিউজ ডেস্কঃ
নগাঁবৰ বটদ্ৰৱাৰ কদমণিত আকৌ এবাৰ মিশ্ৰ বাহিনীৰ এনকাউণ্টাৰ। দুধৰ্ষ ড্ৰাগছ মাফিয়া আৰু হত্যাৰ গোচৰত অভিযুক্ত ২২ পিষ্টলৰ সৈতে আটক কৰা হৈছিল যদিও অভিযুক্তই পিষ্টল দেখুৱাই গুলিচালনাৰ বাবে উদ্যত হোৱা পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভৰিত গুলি চালনা কৰিবলৈ বাধ্য হয়।
পূৰ্বতেই দুবাৰকৈ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চিৰাজুল ইছলামৰ ভৰিত গুলী লগাৰ ফলত তেওঁক নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ডি এছ পি দীপ্তি মালিৰ নেতৃত্বত চলিছিল এই অভিযান।












