![]()
নিউজ ডেস্কঃ
মুম্বাইৰ বিলাসী ক্ৰুইজ অৰ্থাৎ প্রমোদতৰী-কাণ্ডত নাৰকোটিক্স কন্ট্রোল ব্যুৰোৰ (এনচিবি) অন্যতম সাক্ষী কিৰণ গোছাভিক আটক কৰিলে আৰক্ষীয়ে। পুণে আৰক্ষীৰ তৰফৰ পৰা এই খবৰ নিশ্চিত কৰা হৈছে। পুণেৰ আৰক্ষী অধীক্ষক অমিতাভ গুপ্তাই জনোৱা মতে, ‘‘মুম্বাইৰ প্রমোদতৰীত ড্ৰাগছ গোচৰত এনচিবিৰ অন্যতম সাক্ষী কিৰণ গোছাভিক আটক কৰা হৈছে।’’
২০১৮ চনৰ এটি প্রতাৰণা গোচৰত গোছাভিৰ বিৰুদ্ধে ‘লুক আউট’ জাননী জাৰি কৰে পুণে আৰক্ষীয়ে। আৰক্ষীৰ দাবী, তাৰ পিছৰ পৰাই সন্ধান নাছিল তেওঁৰ। কেইদিনমান পূৰ্বে ‘নিখোঁজ’ গোছাভিয়ে জনাইছিল যে মহাৰাষ্ট্রত তেওঁ আতঙ্কত আছে। উত্তৰ প্রদেশৰ লক্ষ্ণৌত আত্মসমর্পণৰ কথা কৈছিল তেওঁ। অৱশ্যে পিছত গোছাভিৰ উক্ত দাবী নাকচ কৰে লক্ষ্ণৌ আৰক্ষীয়ে।
উল্লেখ্য, মুম্বাইৰ প্রমোদতৰীত এনচিবিয়ে অভিযান চলোৱাৰ সময়ত গোছাভি তাত উপস্থিত আছিল বুলি অভিযোগ। পিছত এনচিবিৰ অফিচত আৰিয়ান খানৰ সৈতে চেল্ফিও তোলে তেওঁ।
আনহাতে, দেওবাৰে গোছাভিৰ দেহৰক্ষী বুলি দাবী কৰা এজন ব্যক্তিয়ে ঘোচ সংক্রান্তীয় লেনদেনৰ অভিযোগ তোলে তেওঁৰ বিৰুদ্ধে। প্রভাকৰ চেইল নামৰ ব্যক্তিজনে দাবী কৰে যে টেলিফোনত ২৫ কোটি টকা ঘোচৰ বিষয়টোক লৈ গোছাভিয়ে কথা পতা শুনিছিল তেওঁ। উক্ত ২৫ কোটিৰ ভিতৰত ৮ কোটি টকা এনচিবিৰ বিষয়া সমীৰ ৱাংখেড়েক দিয়াৰ কথাও হৈছিল হেনো। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে গোছাভিয়ে।












