![]()
নিউজ ডেস্কঃ
পুনৰ ১৫ হাজাৰ পাৰ কৰিলে দেশৰ দৈনিক কোভিড সংক্রমণ। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১৬ হাজাৰ ১৫৬ জন। বুধবাৰৰ তুলনাত বৃহস্পতিবাৰৰ দৈনিক সংক্রমণ বাঢ়িছে প্রায় ২০ শতাংশ। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪২ লক্ষ ৩১ হাজাৰ ৮০৯ জন।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৭৩৩ জনৰ। ইয়াৰ ভিতৰত ৬২২ জনৰ মৃত্যু হৈছে কেৰালাত। মহাৰাষ্ট্র (৩৮), কর্নাটক (১৩), তামিলনাডু (১২) আৰু পশ্চিমবঙ্গতো (১৫) মৃত্যুৰ সংখ্যা বেছি। বাকী ৰাজ্যবোৰত ১০ৰ কম।
ইফালে বিগত ২৪ ঘণ্টাত ১ হাজাৰ ১৫৬জন কমি দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৬০ হাজাৰ ৯৮৯ জন।












