![]()
নিউজ ডেস্কঃ
টি-২০ বিশ্বকাপৰ মেচৰ পিছত পাকিস্তানৰ নামত জয়ধ্বনি দিয়াৰ অভিযোগত উত্তৰ প্রদেশৰ আগ্ৰাৰ পৰা গ্রেপ্তাৰ হ’ল ৩ কাশ্মীৰী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। তিনিওজনৰ বিৰুদ্ধে দেশদ্রোহিতাৰ গোচৰ হ’ব বুলি জনাইছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে।
উল্লেখ্য, যোৱা দেওবাৰে টি-২০ বিশ্বকাপৰ মেচত ভাৰতক ১০ উইকেটত পৰাস্ত কৰে পাকিস্তানে। অভিযোগ, পাকিস্তানৰ বিজয়ত উত্তৰ প্রদেশৰ আগ্ৰাৰ ৰাজা বলৱন্ত সিং কলেজৰ কেইজনমান ছাত্ৰই উল্লাস প্রকাশ কৰে।
তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী ওচৰত অভিযোগ দাখিল হয়। যোৱা সোমবাৰে চতুর্থ বর্ষৰ শিক্ষাৰ্থী চৌকত আহমেদ গানাই আৰু তৃতীয় বর্ষৰ দুই ছাত্ৰ আর্শাদ ইউচুফ, ইনায়েত আলতাফ শ্বেখক নিলম্বন কৰে কলেজ কর্তৃপক্ষই। ইয়াৰ পিছত বুধবাৰে তেওঁলোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।
জানিব পৰা মতে, একেই অভিযোগত বেৰেলিৰ পৰা তিনিজন আৰু লক্ষ্ণৌৰ পৰা এজনক গ্রেপ্তাৰ কৰিছে উত্তৰ প্রদেশ আৰক্ষীয়ে।












