![]()
নিউজ ডেস্কঃ
ৰাজধানী দিল্লীৰ টিকৰি সীমান্তত দ্রুতগতিৰ ট্রাকৰ তলত পৰি চেপা খাই মৃত্যু হ’ল তিনি মহিলা কৃষকৰ। অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকজন পলাই যায়।বিগত প্রায় ১১ মাহ ধৰি কেন্দ্রৰ তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি দিল্লী-হাৰিয়ানা সীমান্তৰ টিকৰিত অৱস্থান বিক্ষোভ চলাই আহিছে পঞ্জাব, হাৰিয়ানা, পশ্চিম উত্তৰ প্রদেশৰ কৃষকসকলে। উক্ত বিক্ষোভত অংশগ্ৰহণ কৰিবলৈ টিকৰিলৈ গৈছিল পঞ্জাবৰ বাসিন্দা উক্ত মহিলা তিনিগৰাকী।
বুধবাৰে ঘৰলৈ উভতাৰ পথত তেওঁলোক এটি পথ বিভাজকৰ ওপৰত উঠি অটোৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে এখন ট্রাকে নিয়ন্ত্রণ হেৰুৱাই পথ বিভাজকৰ ওপৰত উঠি যায়। ফলত ট্রাকৰ চকাৰ তলত সোমাই পৰে তিনিওগৰাকী মহিলা কৃষক। ঘটনাস্থলীতেই দুজনৰ মৃত্যু হোৱাৰ লগতে হস্পিটেলত মৃত্যু হয় আনগৰাকী মহিলাৰ। পলাতক ট্ৰাক চালকজনৰ সন্ধানত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছে।
জানিব পৰা মতে, মহিলা তিনিগৰাকী পঞ্জাবৰ মানসা জিলাৰ বাসিন্দা। নিয়মিত টিকৰি সীমান্তলৈ আহি তেওঁলোকে কৃষকসকলৰ বিক্ষোভত অংশগ্ৰহণ কৰিছিল।












