![]()
ডিফুঃ
ডবকা-ডিমাপুৰ সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ কাম সম্প্রতি যুদ্ধকালীন তৎপৰতাৰে আগবঢ়াই নিয়াৰ বিপৰীতে পথছােৱা নির্মাণৰ নামত স্থানীয় কর্তৃপক্ষৰ কেতবােৰ কর্মকাণ্ডই স্থানীয় লােকসকলৰ মাজত তীব্র ক্ষোভৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
প্রসংগক্রমে উল্লেখযােগ্য যে, পথছােৱা সম্প্রসাৰণৰ বাবে কালি পুৱাৰে পৰা কার্বি আংলং জিলাৰ ডকমকা, ডেনগাঁও পাৰখােৱা আদি এলেকাত পথ নির্মাণ হবলগীয়া এলেকাত উচ্ছেদ অভিযান চলােৱা হয়। কালি পুৱাৰে পৰা সন্ধিয়া পর্যন্ত চলা এই উচ্ছেদ অভিযানৰ নামত সংশ্লিষ্ট কর্তৃপক্ষই অনিয়মৰ আশ্রয় লােৱাৰ অভিযােগ তুলি স্থানীয় লােকসকল ক্ষুদ্ধ হৈ পৰে।
নিৰাপত্তা বাহিনীৰ এক বৃহৎ দল লগত লৈ চলােৱা কালিৰ এই উচ্ছেদ অভিযানৰ সময়ত কালি সন্ধিয়া পাৰখােৱা এলেকাত স্থানীয় লােকৰ সৈতে উচ্ছেদকাৰী দলৰ মাজত সামান্য উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। ইয়াৰ পিছতে উচ্ছেদ অভিযান চলােৱাৰ ক্ষেত্রত সংশ্লিষ্ট কর্তৃপক্ষই অনিয়মৰ আশ্রয় লােৱাৰ অভিযােগ উৎখাপন কৰি আজি পাৰখােৱা বজাৰৰ উচ্ছেদিত এলেকাত স্থানীয় লােকসকলে একত্রিত হৈ ব্যাপক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে।
হাতে হাতে বিভিন্ন শ্লগান সম্বলিত প্লে’কার্ড প্রদর্শন কৰি বিক্ষু্ব্ধ লােকসকলে উচ্ছেদৰ পূর্বে উচিত ক্ষতিপূৰণ প্রদানৰ দাবীত বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তােলে। এইক্ষেত্রত কার্বি আংলং স্বায়ত্তশাসিত পৰিষৰ ভূমিকাক লৈও ক্ষু্ব্ধ হৈ পৰা প্রতিবাদকাৰীসকলে পৰিষদৰ বিৰুদ্ধেও সমালােচনাত সৰৱ হৈ পৰা পৰিলক্ষিত হয়।
প্রতিবাদকাৰী লােকসকলৰ অভিযোগ যােৱা ২৬ অক্টোবৰত পাৰখােৱা এলেকাৰ পথৰ এটা ফালৰ লােকসকলৰ নাম ৩ (ডি) তালিকাত প্রকাশ পাইছিল।
যথেষ্ট ক্রুটিপূর্ণ এই তালিকাত একাংশ লােকৰ নাম অন্তর্ভুক্ত নােহােৱাৰ বিপৰীতে আন একাংশৰ নাম তথ্য আদি ভুলকৈ প্রকাশ পায়। এই ভুলসমুহৰ শুধৰণিৰ বাবে হিতাধিকাৰীসকলক সময় দিয়াৰ প্রয়ােজন আছিল যদিও তালিকা প্রকাশ পােৱাৰ পিছদিনাই এইসকল লােকক বলপুর্বকভাৱে উচ্ছেদ কৰা হৈছে।
ইফালে, ৩ (ডি) তালিকাত নাম প্রকাশ পােৱাসকলৰ ভূমিতহে উচ্ছেদ চলােৱা হব বুলি পূর্বে জনােৱা হৈছিল যদিও কালি উচ্ছেদ অভিযানৰ সময়ত এই তালিকাত নাম প্রকাশ নােহােৱা পথৰ দুয়ােটা ফালেই সমানে উচ্ছেদ অভিযান চলােৱা হয়। উচ্ছেদ হবলগীয়া এলেকাত থকা জেওৰা আদি লাম লাকটু আঁতৰ কৰাৰ বাবে স্থানীয় লােকসকলক সামান্য সময়াে নি্দিলে বুলি আজিৰ প্রতিবাদকাৰী লােকসকলে ক্ষোভ প্রকাশ কৰে।
আনহাতে, চাৰিলেনযুক্ত পথ নির্মাণৰ বাবে ভূমি অধিগ্রহণ হােৱাৰ পূর্বে হিতাধিকাৰীসকলে ইয়াৰ উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব লাগিছিল যদিও
কোনাে ক্ষতিপূৰণ প্রদান নকৰাকে এইদৰে উচ্ছেদ অভিযান চলােৱা ঘটনাত ক্ষু্ব্ধ হৈ পৰিছে স্থানীয় লােকসকল। ভূমি অধিগ্রহণৰ নামত জালিয়াতি আশ্ৰয় লােৱাৰ অভিযােগ কৰিছে স্থানীয় ৰাইজে।
অন্য জিলাৰ তুলনাত কার্বি আংলং জিলাত হিতাধিকাৰীসকলে লাভ কৰা ক্ষতিপুৰণৰ ধনৰ পৰিমাণ নিতান্তই কম বুলি ক্ষোভ প্রকাশ কৰি প্রতিবাদকাৰীসকলে কয় যে দাঁতিকাযৰীয়া হােজাই জিলাৰ হিতাধিকাৰী সকলে ক্ষতিপূৰণ হিচাপে কার্বি আংলং জিলাৰ তুলনাত দু্গুণ পৰিমাণ ধন লাভ কৰি আহিছে। সেয়েহে, কার্বি আংলং জিলাৰ হিতাধিকাৰীসকলকো অন্য জিলাৰ সমানে ক্ষতিপূৰণ প্রদানৰ বাবে দাবী জনায় ৷












