![]()
মনোৰঞ্জনঃ
কালিৰ দিনটোত উচ্চ ৰক্তচ্চাপ জনিত সমস্যাত আক্ৰান্ত হৈ আয়ূৰসুন্দ্ৰা হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গক। ষ্টুডিঅ’ ত কাম কৰি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰাত তেওঁক ততাতৈয়াকৈ হাস্পাতালত ভৰ্তি কৰোৱা হয়। শিল্পীগৰাকীৰ বৰ্তমান সুস্থ যদিও আগন্তুক ২৪ ঘণ্টাৰ বাবে চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হ’ব বুলি জানিব পৰা গৈছে।
শেহতীয়াকৈ, অনুৰাগীসকলক সকাহ প্ৰদানৰ স্বাৰ্থত জুবিন গাৰ্গে নিজেই হাস্পাতালৰ পৰা এক ভিডিঅ’যোগে নিজ স্বাস্থ্যৰ খবৰ প্ৰদান কৰিছে। প্ৰত্যেককে আশীৰ্বাদ কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেখেত বৰ্তমান সম্পূৰ্ণ সুস্থ বুলিও নিজ মুখে প্ৰকাশ কৰে। প্ৰত্যেকে শিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চচিয়েল মিডিয়াত তেওঁক লৈ বিভিন্ন পোষ্টৰ শ্বেয়াৰ কৰে।












