![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিজেপি আগ্ৰসনত দুৰ্বল হোৱা অসম প্ৰদেশ কংগ্ৰেছক পুনৰ শক্তিশালী কৰা লক্ষ্যৰে বিশেষ সদস্যভৰ্তি অভিযান। বিজেপিৰ আগ্ৰাসনত থান-বান হোৱা প্ৰদেশ কংগ্ৰেছক উদ্ধাৰ বাবে সোমাবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছে আৰম্ভ কৰে এই বিশেষ সদস্য ভৰ্তি অভিযান। অহা ৩১মাৰ্চ ভিতৰত ৩৩লাখ নতুন সদস্য দলত অন্তৰ্ভুক্ত কৰা লক্ষ্যৰে আৰম্ভ কৰা সদস্যভৰ্তি অভিযান উন্মোচন কৰে উপ-সভাপতি ৰাণা গোস্বামীয়ে।
ৰাজীৱ ভৱনত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি প্ৰদেশ কংগ্রেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিজৰ দলীয় সদস্যতাৰ পুৰ্ননবীৰকৰণ কৰি এই সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভনী কৰে।
ইফালে অভিযানৰ উন্মোচন কৰি প্ৰদেশ কংগ্রেছ উপ-সভাপতি ৰাণা গোস্বামীয়ে কয়- ‘নিৰ্ধাৰিত অহা ৫ মাহৰ ভিতৰত সমগ্ৰ অসমত ৩৩ লাখতকৈ অধিক সদস্য ভাৰতীয় জাতীয় কংগ্রেছত ভৰ্তি কৰোৱা হ’ব’।
বিধায়ক পৰা আৰম্ভ কৰি একাংশ দলীয় সদস্যই বিভিন্ন সময়ত দল ত্যাগ কৰি বিজেপি যোগদান কৰি আহিছে।ফলত প্ৰদেশ কংগ্ৰেছত পূৰ্বতকৈ হ্ৰাস পাইছে সদস্য সংখ্যা। সদস্যৰ সংখ্যাৰ বৃদ্ধিয়ে আগন্তক লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত শক্তি প্রদর্শন বাবে এক প্ৰকাৰে দলটোৰ সাজু হৈছে সেই কথা অনুমান কৰিব পাৰি।
বিশেষ সদস্য ভৰ্তি অভিযানৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা হিৰণ্য বৰা, অসম প্ৰদেশ যুৱ কংগ্রেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী, প্ৰাক্তন মন্ত্ৰী আবু চালেহ নজমুদ্দিনৰ লগতে বহু জ্যেষ্ঠ নেতা।













