![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পোহৰ উৎসৱ দীপাৱলীত ৰাজ্যত প্ৰতিবছৰে সংঘটিত হয় অগ্নিদগ্ধ ঘটনা। কিদৰে অগ্নিদগ্ধ ঘটনা হ্ৰাস কৰিব পাৰি তাৰ সজাগতা বৃদ্ধিৰে সোমবাৰে নেমকেয়াৰ হাস্পতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেচনে সম্বোধন কৰে সজাগতামূলক সংবাদমেল। অগ্নিদগ্ধ দুৰ্ঘটনাবোৰৰ ভিতৰত ১০-১২ভাগ দুৰ্ঘটনা সংঘটিত হয় দীপাৱলীত।
নেমকেয়াৰ হাস্পতালত সম্বোধন কৰা সংবাদমেলত বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনে প্ৰদান কৰাৰ তথ্য অনুসৰি-কম বয়সীয়া পুৰুষসকল মহিলাতকৈ বেছিকৈ অগ্নিদগ্ধ হয়। কলগছ-ফুলজাৰী পৰা বেছিলোক অগ্নিদগ্ধ। ২০১০ পৰা ২০২০ চনলৈ দীপাৱলী সময়ত অগ্নিদগ্ধ হৈছে মুঠ ৪৭১গৰাকী। তাৰ ভিতৰত পুৰুষ ৩৫৩ গৰাকী আৰু মহিলা ১১৮গৰাকী।
উল্লেখ্য যে ৩৪২গৰাকী কলগছ ফুটাবলৈ গৈ অগ্নিদগ্ধ হোৱাৰ বিপৰীতে ফটকাত ৮২গৰাকী চাকিত ১৫গৰাকী আৰু চকৰি বা ফুলজাৰিত ৩২গৰাকী অগ্নিদগ্ধ হোৱা বুলি সংবাদমেলত বাৰ্ণ কেয়াৰ ফাউণ্ডেশন সম্পাদক ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰে।
দীপাৱলী আতচবাজীৰ বাবে জুই পোৰা দুৰ্ঘটনাৰ হোৱাৰ উপৰিও বায়ু আৰু শব্দ প্ৰদূষণ হয়। এই প্ৰদূষণে বায়ু প্ৰদূষণক অধি কৰি তোলে। ফলত মানুহৰ হাওঁফাওঁৰ কেন্সাৰ, হাপানী, হৃদপিণ্ডৰ ৰোগ, স্নায়ু ৰোগৰ দৰে মাৰাত্মক বেমাৰ হয়। কলগছৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে গ্ৰীণ ক্ৰেকাৰচ ব্যৱহাৰৰ আহ্বান জনায় তেওঁ।
Air quality index 50ৰ তলত থাকিব লাগে। কিন্তু মহানগৰীত দিৱালীৰ সময়ত index ৩০০ৰো ওপৰলৈ গুচি যায়। একেদৰে শব্দ পৰিমাণ ২৪-৫০ ডেচিবেল ভিতৰত থাকিব লাগে কিন্তু সেইয়াও বৃদ্ধি পাই।
ইফালে আৰ্ত সেৱা’ নামেৰে ন্যাসো স্থাপন বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ। দৰিদ্ৰ ৰোগীক আৰ্থিক সকাহ দিয়া লক্ষ্যৰে এই ন্যাস স্থাপন।
আনহাতে, সংবাদমেলত বাৰ্ণকেয়া ফাউণ্ডেচনৰ সভাপতি ডা:হিতেশ বৰুৱাই পোহৰ উৎসৱক পোহৰেৰ পালন কৰিবলৈ আহ্বান জনাই ৰাজ্যবাসীক।













