নিউজ ডেস্কঃ
ভাৰতৰ স্বাধীনতা সন্দৰ্ভত আপত্তিজনক মন্তব্যৰ বাবে বিজেপি-ঘনিষ্ঠ অভিনেত্রী কঙ্গনা ৰানাৱাটৰ পদ্মশ্ৰী সন্মান প্রত্যাহাৰৰ দাবী উঠিছে। কংগ্রেছ, শিৱসেনা, এনচিপি, আম আদমি পার্টিৰ দৰে বিৰোধী দলবোৰৰ উপৰি বিজেপিৰ সহযোগী হিন্দুস্তান আৱাম মর্চায়ো (হাম) কঙ্গনাৰ পদ্মশ্রী প্রত্যাহাৰৰ দাবী তুলিছে। কঙ্গনাৰ সমালোচনা কৰিছে বিজেপি সাংসদ বৰুণ গান্ধীয়েও।
সদ্য পদ্মশ্রীপ্রাপক কংগনাই এক টিভি চেনেলত দিয়া সাক্ষাৎকাৰত কৈছিল, ‘‘১৯৪৭ চনত লাভ কৰা স্বাধীনতা আচলতে স্বাধীনতা নহয়। সেয়া আছিল ভিক্ষা। স্বাধীনতাতো ২০১৪ চনত আহিছে।’’ নৰেন্দ্র মোদীৰ প্রধানমন্ত্রিত্ব প্রাপ্তিৰ চন হিচাবেই তেওঁ ২০১৪ক চিহ্নিত কৰে। বিভিন্ন সময়ত বিতর্কিত মন্তব্য কৰি খবৰৰ শিৰোনাম দখল কৰি আহিছে কঙ্গনাই। ভাৰতৰ স্বাধীনতা সন্দৰ্ভত তেওঁ কৰা মন্তব্যই সৃষ্টি কৰিছে নতুন বিতর্ক।
কঙ্গনাক পদ্ম-সন্মান দিয়াৰ বাবে কেন্দ্রক উদ্দেশ্য কৰি কংগ্রেছ নেতা আনন্দ শর্মাৰ বক্তব্য, , ‘‘এনে সন্মান দিয়াৰ পূৰ্বে সংশ্লিষ্ট ব্যক্তিৰ মনস্তাত্ত্বিক মূল্যায়ন কৰা উচিত।’’
এনচিপি নেতা নবাব মালিকৰ মন্তব্য, ‘‘দেশৰ স্বাধীনতা সন্দৰ্ভত এনে মন্তব্য কৰাৰ আগতে কঙ্গনাই নিশ্চয় তেওঁৰ হিমাচলৰ ঘৰত বহি ‘মালানা ক্রিম’ (হিমাচলৰ মালানা গাঁৱত প্ৰস্তুত সুৰা) সেৱন কৰিছিল।’’
শিৱসেনাই কঙ্গনাৰ পদ্মশ্রী প্রত্যাহাৰৰ লগতে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ গোচৰৰ দাবী তুলিছে। আম আদমি পার্টিৰ মহাৰাষ্ট্র শাখাই বলিউড অভিনেত্রীগৰাকীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীত অভিযোগ দাখিল কৰিব বুলি জনাইছে। বিজেপিৰ সহযোগী ‘হাম’ৰ সভাপতি তথা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী জিতনৰাম মাঝিয়ে কঙ্গনাক বয়কটৰ দাবী তুলিছে।