![]()
ছাইদুল ইছলাম
ডিফু : অসম পাহাৰীয়া জিলাকেইখনৰ অন্যতম ৰাজনৈতিক দাবী হিচাপে পৰিগণিত হৈ অহা ভাৰতীয় সংবিধানৰ যষ্ঠ অনুসূচী সন্দর্ভত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত কাইলে ডিফুত দিনজোৰা কার্যসূচীৰে এক বিশেষ আলোচনাচক্রৰ আয়োজন কৰা হৈছে যদিও আলোচনাচক্রখনক কেন্দ্র কৰি বিভিন্ন বাদ-বিবাদত সম্প্রতি উত্তাল হৈ পৰিছে পাহাৰীয়া জিলাখনৰ সামগ্রিক পৰিৱেশ। উল্লেখযোগ্য যে, ডিফুৰ আৰবৰেটাম কাম ক্রাফট চেন্টাৰত কাইলৈ দিনজোৰা কার্যসূচীৰে আবম্ভ হ’বলগীয়া এই আলোচনাচক্রৰ কার্যসূচী অনুসৰি দিনৰ এঘাৰ বজাৰ পৰা কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া আলোচনাচক্রত ভার্ছৱেল উদ্বোধনী ভাষণ আগবঢ়াব দেশৰ উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীন তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে ৷
লক্ষণীয় যে, উক্ত আলোচনাত অংশগ্রহণৰ বাবে জিলাখনৰ বিৰেধী দলসমূহৰ নেতৃবর্গৰ লগতে সামাজিক সংগঠন, ছাত্র সংগঠন, অধিবক্তাসকলকো আমন্ত্ৰণ জনোৱা হৈছিল যদিও ইয়াৰ মাজতে কালি ডিফুত জিলাখনবৰ একাংশ দল-সংগঠনৰ নেতৃত্বই বিভিন্ন অভিযোগ উপাপন কৰি আলাোচনাচক্রত অংশগ্রহণ নকৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল।
বিশেষকৈ এই দল-সংগঠনসমূহক নিজা মন্তব্য ৰখাৰ বাবে পর্যাপ্ত সময় নির্দিয়াৰ লগতে পলমকৈ নিমন্ত্রণ জনোৱাৰ অভিযোগ তুলি প্রস্তুতিৰ বাবে পর্যাপ্ত সময় নোপোৱাৰ অভিযোগেৰে সংশ্লিষ্ট দল-সংগঠনসমূহে আলোচনাত অংশগ্রহণ নকৰাৰ সিদ্ধান্তৰ কথা বাজহুৱা কৰে। ইয়াৰ পিছতে বিষোদগাৰ প্রকাশ কৰা উক্ত দল-সংগঠনসমূহৰ বিৰুদ্ধে সমালােচনাত সৰৱ হৈ পৰিছে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদ। ডিফুত আজি এক সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহি, কার্যবাহী সদস্য অমৰছিং তিচকে ধবি দলৰ নেতৃত্বই এ পি এইচ এল চিৰ সভাপতি জন ইংতি কাথাৰকে ধবি সংশ্লিষ্ট দল সংগঠনৰ নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে। নেতৃবর্গই সংবাদমেলত প্রকাশ কৰা মন্তব্য অনুসৰি ভাৰতীয় সংবিধানৰ যষ্ঠ অনুসূচীৰ বিশেষজ্ঞ হিচাপে জিলাখনত নিজকে দাবী কৰি অহা একাংশ নেতাৰ স্বৰূপ মুকলি হোৱাৰ আশংকাতে বিষয়টোক অন্য দিশে নিয়াৰ যড়যন্ত্র কৰি বেলেগ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে।
ভাৰতীয় ষষ্ঠ অনুসূচীৰ সন্দর্ভত সবিশেষ আলােচনাৰ বাবে এখন উপযুক্ত মঞ্চত আলোচনা কৰাৰ সুযোগ পোৱাৰ পিছতো এই সুযোগ গ্রহণ নকৰি ৰাজনৈতিক উদ্দেশ্য প্রণোদিতভাৱে এনে সিদ্ধান্ত লোৱা বুলি মস্তব্য কৰে। আলোচনাচনাত আলোচকক প্রশ্ন কৰাৰ বাবে সুযোগ থকাৰ পিছতো আলোচনাচক্র অনুষ্ঠিত হোৱাৰ পুর্বেই সময় কম-বেছিৰ দৰে ওজৰ-আপত্তি দর্শাই আলোচনাচক্রৰ পৰা বিৰত থকাৰ সিদ্ধান্তকো কঠোৰ সমালোচনা কৰে পৰিষদ তথা বিজেপিৰ নেতৃবর্গই। চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ হোৱাৰ পিছত পৰিষদৰ ক্ষমতা লোপ পাই অহা বুলি বিৰোধী দলে দাবী কৰি অহাৰ সময়তে এই সন্দর্ভত আলোচনাত অংশগ্রহণ নকৰি বিজয় হান্সেৰিয়াই যষ্ঠ অনুসূচীৰ ওপৰত ৰচনা কৰা গ্রন্থ অধ্যয়ন কৰিয়েই গাঁৱে-ভুঁঞে নিজকে ষষ্ঠ অনুসূচীৰ বিশেষজ্ঞ হিচাপে পৰিচয় দি ফুৰা সকলেই এতিয়া উক্ত গ্রন্থখনৰ প্রণেতাগৰাকীয়ে ভাগ ল’বলগীয়া আলোচনাচক্রত অংশগ্রহণ নকৰাতো কেনেধবণৰ স্থিতি বুলি প্রশ্ন কৰে।
ডিফু চেম্বার্ছ অব কর্মাছেও এক সংবাদমেলৰ আয়োজন কৰি উক্ত নেতাসকলক কঠোৰ ভাষাবে সমালোচনা কৰি জে আই কাথাৰ, হলিৰাম তেৰাঙৰ দৰে নেতাই কার্বি আংলঙৰ ৰাইজক ষষ্ঠ অনুসূচী সন্দর্ভত ভুল ব্যাখ্যা দাঙি ধৰা বুলি অভিযোগ কৰি এই সত্য মুকলি হৈ পৰাৰ আশংকাতে এইসকল নেতৃত্বই আলোচনাচক্ৰত অংশ লোৱাৰ পৰা বিৰত থকা বুলি মন্তব্য কৰে ৷












