![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিমাচাসকলৰ জাতীয় বীৰ তুলাৰাম সেনাপতিৰ এটা পূর্ণাংগ প্রতিমুর্তি আজি ডিমা হাচাও জিলাৰ উমৰাংছত উন্মোচন কৰা হয়। উত্তৰ কাছাৰ পার্বত্য স্বায়ত্বশাসিত পষিদৰ মুখ্য কার্যবাহী সদস্য দেবলাল গার্লোছাই উদ্যোগ নগৰী উমৰাংছত আজি মহান বীৰগৰাকীৰ প্রতিমূর্তি উন্মোচন কৰে ৷

উল্লেখযোগ্য যে, ব্ৰিটিছে ভাৰতত উপনিৱেশ স্থাপন কৰাৰ পিছতো ডিমাচাসকলৰ স্বকীয়তা জীয়াই ৰাখি অসীম সাহসেৰে জীৱনৰ অন্তিম ক্ষণপর্যন্ত জাতিৰ সেৱাত জীৱন উছৰ্গা কৰা মহান বীৰগৰাকীৰ প্রতিমূর্তি উন্মোচন অনুষ্ঠানত আজি বিভিন্ন সামাজিক সংগঠনসমূহৰ লগতে মৌজাদাৰ, গাঁওবুঢ়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যখনৰ বিভিন্ন এলেকাৰ ডিমাচা বসতিপূর্ণ এলেকাসমূহৰ পৰাও ভালেসংখ্যক লোক আজিৰ এই অনুষ্ঠানত উপস্থিত থকা বুলি জানিব পৰা গৈছে। প্রতিমূর্তি উন্মোচন অনুষ্ঠানৰ সৈতে সংগতি ৰাখি থলুৱা শিল্পীসকলে পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানো প্রদর্শন কৰে।













