![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফুৰ বিশিষ্ট সামাজিক কর্মী, ASDC দলৰ সভাপতি চন্দ্রকান্ত তেৰাঙক ‘ভাৰতজ্যোতি বঁটা’ প্রদান কৰা হৈছে। ইণ্ডিয়া ইন্টাৰনেশ্যনেল ফ্রেইণ্ডশ্বিপ ছ’চাইটীৰ উদ্যোগত সামাজিক ক্ষেত্রখনলৈ আগবঢ়োৱা গুৰুত্বপূর্ণ অৱদানৰ বাবে কার্বি আংলঙৰ জ্যেষ্ঠ নেতাগৰাকীক এই সন্মান প্রদান কৰা হৈছে। যোবা ১২ নৱেম্বৰত তেৰাঙক নতুন দিল্লীত আয়োজন কৰা এক বিশেষ, অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰা হয়।
আজি ডিফুত সাংবাদিকৰে হোৱা বার্তালাপত জ্যেষ্ঠ নেতাগৰাকীয়ে বঁটা গ্রহণ কৰি যথেষ্ট আনন্দিত হোৱা বুলি মন্তব্য কৰাৰ লগতে বিভিন্ন ক্ষেত্রত সামাজিক ক্ষেত্রখনলৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্রত অনুপ্রেৰণা যোগাই অহা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।












