![]()
নিউজ ডেস্কঃ
২০২৪-২০৩১ পৰ্যন্ত ক’ত ক’ত আইচিচি প্রতিযোগিতা অনুষ্ঠিত হ’ব সেয়া আজি প্ৰকাশ কৰা হৈছে। উক্ত ৮ বছৰত আইচিচিৰ তিনিখন বৃহৎ প্রতিযোগিতাৰ আয়োজক হ’ব ভাৰত।
২০২৪ চনত টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত। পিছৰ বছৰ চেম্পিয়ন্স ট্রফি অনুষ্ঠিত হ’ব পাকিস্তানত। ২০২৬ চনত আছে টি-২০ বিশ্বকাপ। ভাৰত আৰু শ্রীলঙ্কাই মিলিতভাবে আয়োজন কৰিব উক্ত প্রতিযোগিতা। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব দক্ষিণ আফ্রিকা, নামিবিয়া আৰু জিম্বাব’ৱেত।
২০২৮ চনৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত। পৰৱৰ্তী বছৰত চেম্পিয়ন্স ট্রফি অনুষ্ঠিত হ’ব ভাৰতত। ২০৩০ চনৰ টি-২০ বিশ্বকাপ ইংলেণ্ড, আয়াৰলেণ্ড আৰু স্কটলেণ্ডে আয়োজন কৰিব।
২০৩১ চনৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব ভাৰতত। বাংলাদেশৰ সৈতে যৌথভাবে উক্ত প্রতিযোগিতা আয়োজন কৰিব ভাৰতে।
২০২৪ চনৰ পৰা আঠ বছৰৰ ভিতৰত আঠখন প্রতিযোগিতা আয়োজন কৰিব আইচিচিয়ে। তাৰ ভিতৰত তিনিখন অনুষ্ঠিত হ’ব ভাৰতত।













