নিউজ ডেস্কঃ
ডিজিটেল ঋণ প্ৰদানৰ এপবোৰৰ ভিতৰত বেছিভাগেই অবৈধ বুলি দাবী কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক ৰিপোর্টে। এই মুহূর্তত ভাৰতত থকা ১,১০০মান বিভিন্ন এপৰ ভিতৰত ৬০০ৰো অধিক এপেই অবৈধ বুলি আৰবিআইৰ উক্ত ৰিপোর্ট দাবী কৰা হৈছে।
লগতে বহু এপত কোনো নিয়ম-নীতি নমনাকৈয়েই আর্থিক লেনদেন কৰা বুলি অভিযোগ উঠি আহিছে। এই ক্ষেত্ৰত অনুসন্ধানৰ বাবে যোৱা জানুৱাৰীত ৰিজাৰ্ভ বেংকে গঠন কৰা ‘ৱর্কিং গ্রুপ’ৰ ৰিপোর্টত দাবী কৰা হৈছে যে দেশত বিভিন্ন এপ ষ্টোৰত এণ্ড্ৰয়েড ফোনৰ উপযোগী ঋণ দিয়াৰ এনে ৬ শতাধিক এপ আছে যিবোৰ ৰিজার্ভ বেঙ্কৰ দৃষ্টিত অবৈধ। এইবোৰে ৰিজার্ভ বেঙ্কৰ নীতি মানি নচলে। অৱশ্যে উক্ত তালিকাত কি কি এপ আছে সেয়া ৰিপোর্টটোত প্ৰকাশ কৰা নাই। বিগত ১ জানুৱাৰীৰ পৰা ২৮ ফেব্রুৱাৰীৰ ভিতৰত চলোৱা সমীক্ষাৰ তথ্য মতে, ভাৰতত থকা মুঠ ৮১টা এপ ষ্টোৰত উক্ত বিপজ্জনক এপবোৰ পোৱা যায়।
আনহাতে, ২০২০ৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ মার্চ পর্যন্ত এই এপবোৰৰ পৰা ঠগবাজিৰ মুঠ ২,৫৬২টা অভিযোগ লাভ কৰে ৰিজার্ভ বেঙ্কে। এই অভিযোগবোৰ তদন্ত কৰাৰ পিছত দেখা গৈছে যে বেছিভাগ ক্ষেত্রতেই উক্ত এপ ব্যৱহাৰকাৰীসকল আর্থিক ক্ষতিৰ সন্মুখীন হৈছে।