স্বাস্থ্য প্ৰতিবেদন:
আমৰ বাকলিও স্বাস্থ্যৰ বাবে উপকাৰী আমৰ বাকলিয়ে শৰীৰক সুস্থ ৰখাৰ লগতে আমাক বহু গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰাত ভূমিকা পালন কৰিব পাৰে।
আয়ুর্বেদিক চিকিৎসা মতে ডায়েবেটিছ ৰোগীসকলে আমৰ বাকলিৰ গুড়ি পানীৰ সৈতে খাব পাৰে। ইয়াৰ বাবে আমৰ বাকলি ভালদৰে শুকাই গুড়ি কৰি লওক। তাৰ পিছত প্রতিদিনে পুৱা খালী পেটত গাখীৰ বা পানীৰে খাব পাৰে।
আমৰ বাকলিৰ উপকাৰিতা :
১. বিভিন্ন ধৰণৰ কেন্সাৰ প্রতিৰোধ কৰে :
আমৰ বাকলি এন্টি-অক্সিডেন্ট বৈশিষ্ট্যৰে সমৃদ্ধ৷ ফলত বিভিন্ন ধৰণৰ কেন্সাৰৰ পৰা ৰক্ষা কৰে। ইয়াৰ ভিতৰত হাওঁফাওঁৰ কেন্সাৰ, কোলন কেন্সাৰ, স্তন কেন্সাৰ, মস্তিষ্কৰ কেন্সাৰ।
২. হৃদপিণ্ড স্বাস্থ্যকৰ কৰি ৰাখে :
আমৰ বাকলিত প্রচুৰ পৰিমাণে ফাইটোনিট্রিয়েন্ট থাকে। ই হার্টৰ স্বাস্থ্যৰ বাবে ভাল আৰু হৃদৰোগ, ষ্ট্ৰোক, কার্ডিয়াক এৰেষ্টৰ দৰে কার্ডিওভাছকুলাৰ সমস্যাবোৰ প্রতিৰোধ কৰে। আমৰ বাকলিত থকা উচ্চ ফাইবাৰৰ উপাদানবোৰেও হার্টৰ সমস্যাবোৰৰ পৰা বাচি থকাত সহায় কৰে।
৩. ছালৰ বাবে উপকাৰী :
যদি আপুনি ছালৰ পৰা ক’লা দাগ অপসাৰণ কৰিব বিচাৰে তেন্তে আমৰ বাকলিয়ে সহায় কৰিব পাৰে। আমৰ বাকলিৰ জৰিয়তে ক’লা দাগ অপসাৰণৰ খুব সহজ উপায়। ইয়াৰ বাবে আমৰ বাকলিৰে আপোনাৰ ছাল মাছাজ কৰক। কিছু সময় পিছত পানীৰে মুখ ধুই পেলাওক। এনেদৰে প্রতিদিনে কৰিলে ছাল চকচকীয়া হ’ব আৰু দাগ আঁতৰি যাব।
৪. হজম ব্যৱস্থা শক্তিশালী কৰে :
আমৰ বাকলি ফাইবাৰ সমৃদ্ধ। ই হজম তন্ত্রক সুস্থ ৰাখে। ইয়াত ভিটামিন এ, চি আৰু এন্টিঅক্সিডেন্ট বৈশিষ্ট্য আছে যিয়ে ইমিউন ছিষ্টেমক শক্তিশালী কৰাৰ কাম কৰে।