স্বাস্থ্য প্ৰতিবেদন:
স্বাস্থ্যৰ দিশৰ পৰা কুঁহিয়াৰৰ ৰস যথেষ্ট উপকাৰী। কুঁহিয়াৰৰ ৰস খোৱাৰ লগে লগেই শৰীৰে তাৎক্ষণিক শক্তি পায়। কুঁহিয়াৰত কেলচিয়াম, পটাচিয়াম, আয়ৰন, মেগনেচিয়াম আৰু ফছফৰাছৰ দৰে প্রয়োজনীয় পুষ্টি আছে যি হাড়, দাঁত আৰু পাকস্থলীৰ লগতে সমগ্র শৰীৰৰ বাবে উপকাৰী।
কুঁহিয়াৰৰ ৰসত আছে কেন্সাৰ প্রতিৰোধক গুণ। এন্টি-কেন্সাৰ বৈশিষ্ট্যৰ কাৰণে, কুঁহিয়াৰৰ ৰস খালে কেন্সাৰ বিকাশকাৰী কোষবোৰৰ বৃদ্ধিত বাধা দিয়ে।
কুঁহিয়াৰৰ অন্যান্য উপকাৰিতা সম্পর্কে জানো আহক :
কিডনিৰ পাথৰ অপসাৰণত সহায় কৰে :
কুঁহিয়াৰৰ ৰসে কিডনিৰ পাথৰ অপসাৰণতো সহায় কৰে। কিডনিত পাথৰ হ’লে কুঁহিয়াৰৰ ৰস খোৱাৰ পৰামর্শ দিয়ে চিকিৎসকে।
কুঁহিয়াৰৰ ৰসত এনে এচিডিক ক্ষমতা থাকে যাৰ কাৰণে কিডনিৰ পাথৰ লাহে লাহে দ্রবীভূত হৈ সৰু হয় আৰু প্রস্রাবৰ জৰিয়তে বাহিৰ হৈ যায়।
ডায়েবেটিছৰ বাবে :
ডায়েবেটিছ ৰোগীসকলে কুঁহিয়াৰৰ ৰস খাব পাৰে। কাৰণ কুঁহিয়াৰৰ ৰসত আইছমেল্টোজ নামৰ উপাদান থাকে। আইছমেল্টোজ কম গ্লাইচেমিক আৰু কম গ্লাইচেমিক সূচকযুক্ত খাদ্য। ডাযয়েবেটিক ৰোগীসকলৰ ৰক্তত শর্কৰা নিয়ন্ত্রণত সহায় কৰিব পাৰে।
ওজন কমোৱাত সহায় কৰে :
কুঁহিয়াৰৰ ৰসত প্রচুৰ পৰিমাণে ফাইবাৰ থাকে যিয়ে ওজন কমোৱাত সহায় কৰে। ইয়াৰ উপৰি ই শৰীৰত কোলেষ্টেৰলৰ মাত্রা কমায় আৰু হার্টক সুস্থ ৰখাৰ কাম কৰে।
লিভাৰৰ বাবে :
কুঁহিয়াৰৰ ৰসক লিভাৰৰ বাবে অতি উপকাৰী বিবেচনা কৰা হয়। ই লিভাৰক শক্তিশালী কৰে আৰু ডিটক্সিফাই কৰে। কুঁহিয়াৰৰ ৰসত থকা এন্টিঅক্সিডেন্ট লিভাৰক বিভিন্ন ধৰণৰ সংক্রমণৰ পৰা ৰক্ষা কৰে আৰু বিলিৰুবিনৰ মাত্রা নিয়ন্ত্রণত ৰাখে। কুঁহিয়াৰৰ ৰস জণ্ডিচত অতি উপকাৰী।
হজম শক্তিৰ উন্নতি ঘটায় :
কুঁহিয়াৰৰ ৰসত প্রচুৰ পৰিমাণে পটাচিয়াম থকাত ই শৰীৰৰ পৰিপাকতন্ত্রৰ বাবে অতি উপকাৰী। হজম ঠিকে ৰখাৰ লগতে এই ৰসে পেটৰ সংক্ৰমণ প্রতিৰোধ কৰে। কুঁহিয়াৰৰ ৰসে কোষ্ঠকাঠিন্যৰ সমস্যাও দূৰ কৰে।