নিউজ ডেস্কঃ
ভাৰতী এয়াৰটেল, ভোডাফোন আইডিয়াৰ পথতে খোজ মিলাই প্রিপেইড পৰিসেৱাৰ শুল্ক বৃদ্ধি কৰিলে ৰিলায়েন্স জিঅ’ই। প্রায় ২০ শতাংশ বৃদ্ধি কৰা হৈছে শুল্ক। ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব নতুন শুল্ক। কোম্পানীটোৱে জনোৱা মতে, টেলিকম উদ্যোগক অধিক মজবুত কৰিবলৈয়েই এই পদক্ষেপ।
বৰ্তমান ৭৫ টকাৰ প্লেনৰ খৰচ ১ ডিচেম্বৰৰ পৰা বৃদ্ধি হৈ হ’ব ৯১ টকা। ঠিক একেদৰে ১২৯ টকা হ’ব ১৫৫ টকা, ৩৯৯ টকাৰ ঠাইত ৪৭৯ টকা, ১,২৯৯ টকাৰ ঠাইত ১,৫৫৯ টকা। আৰু ২,৩৯৯ টকাৰ প্লেনৰ মূল্য বৃদ্ধি হৈ হ’ব ২,৮৭৯ টকা।
একেদৰে বৃদ্ধি পাব প্রিপেইড নেট সেৱাৰ খৰচো। বৰ্তমান ৬ জিবিৰ ৫১ টকা ১ ডিচেম্বৰৰ পৰা হ’ব ৬১ টকা। ১২ জিবিৰ বাবে বৰ্তমান ১০১ টকাৰ ঠাইত ভৰিব লাগিব ১২১ টকা। ৫০ জিবিৰ বাবে ২৫১ টকাৰ পৰিবর্তে ৩০১ টকা দিব লাগিব।