স্বাস্থ্য প্ৰতিবেদন:
এসময়ত যি সমস্যা চল্লিছতো দেখা নিদিছিল, সেয়া এতিয়া কুৰিৰ ঘৰত ভৰি নিদিওঁতেই চেহেৰাত ফুটি উঠে। বয়স যিয়েই নহওক, কম বয়সতেই বুঢ়া-বুঢ়ীৰ দৰে চেহেৰা হৈ গৈছে বহুতৰে। ছালত বলিৰেখা, চুলি পকি যোৱা, চকুৰ গুৰিত ক’লা পৰা, শৰীৰত বিষ।
ইয়াৰ কাৰণ! বিশেষজ্ঞসকলে জনাইছে, চাপৰ কাৰণেই এই চাপবোৰ কম বয়সীয়াসকলৰ চেহেৰাত পৰিছে। তাৰ উপৰি জীৱন যাত্রাৰ মানৰ তাৰতম্য হ’লে, অত্যধিক মাত্রাত নিসংগ হৈ সময় কটালে, মদ্যপান, ধুমপানৰ কাৰণেও এই সমস্যা দেখা দিয়ে। চেহেৰাত যৌৱন ধৰি ৰাখিবলৈ নির্দিষ্ট কিছু খাদ্যৰ পৰামর্শ দিছে বিশেষজ্ঞসকলে।
১. ওটছ :
ইয়াত প্রচুৰ পৰিমাণে ফাইবাৰ থাকে। যিয়ে হজম শক্তি বঢ়ায়। শৰীৰ সতেজ ৰাখে। শৰীৰ ক্লান্ত নহয়। ব্রেকফাষ্টত নিয়মিত ওটছ খোৱাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে।
২. ডার্ক চকলেট :
ইয়াত আছে কেফেইন আৰু এন্টি অক্সিডেন্ট। যিয়ে চেহেৰাত বয়সৰ ছাপ পৰিব নিদিয়ে। ইয়াৰ উপৰি ই শক্তি যোগান ধৰে। সেয়ে মিঠাইৰ সলনি ডার্ক চকলেট খোৱাৰ পৰামর্শ দিয়ে।
৩. মিঠা আলু :
ইয়াত প্রচুৰ পৰিমাণে ভিটামিন এ আছে। যিয়ে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়। চকুৰ বাবেও যথেষ্ট উপকাৰী। চালাডৰ সৈতে খোৱাৰ পৰামর্শ দিয়ে পুষ্টিবিদসকলে।
৪. গাখীৰ :
প্রোটিন আৰু কেলচিয়ামেৰে ভৰপূৰ গাখীৰ দৈনিক ডায়েটত ৰাখিবলৈ কয় বিশেষজ্ঞসকলে। নিয়মিত খালে হাড় আৰু পেশী মজবুত থাকে। শৰীৰো হাইড্রেটেড থাকে। ছালৰ বলিৰেখা দূৰ কৰাত সহায় কৰে গাখীৰে।
৫. কল :
কলত আছে ভিটামিন, পটাচিয়াম, আয়ৰন। এনার্জি বুস্ট কৰে কলে। ফলত কামৰ মাজত ক্লান্তি সহজতে নাহে। শুষ্ক ছালৰ বাবেও অতি উপকাৰী কল।