নিউজ ডেস্কঃ
গোলাঘাট ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষাৰ সম্পাদক অনিমেশ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডত লজ্জিত কটন বিশ্ববিদ্যালয় শিক্ষাৰ্থীসমাজ ।বৰ্বৰ হত্যাকাণ্ডত জড়িত প্ৰতিজন দোষীক উচিত আৰু কঠোৰ শাস্তি প্ৰদানৰ দাবীত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে মঙলবাৰে মুখত ক’লা কাপোৰ বান্ধি সাব্যস্ত কৰে মানৱ শৃংখল কাৰ্যসূচী।বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত অনিমেশ ভূঞা ন্যায়ৰ দাবীত হাতে হাতে প্লে-কাৰ্ড লৈ সাব্যস্ত কৰে মৌন মানৱ শৃংখল কাৰ্যসূচী।
মানৱ শৃংখলত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নয়ন জ্যোতি কলিতাই বৰ্বৰ হত্যাকাণ্ড ঘটনাক গৰিহণাৰ জনাই দুৰ্ভগীয়া অনিমেশৰ আত্মা সতগতি কামনা কৰে।
‘মানুহ হিচাপে লজ্জিত অনুভৱ কৰিছোঁ।দিনৰ পোহৰত নগৰৰ মাজ-মজিয়াত ৩জন লোকক এদল উন্মক্ত জনতাই বৰ্বভাৱে আক্ৰমণ কৰিলে।এগৰাকীক মৰিয়াই হত্যা কৰিলে।অসমীয়া হিচাপে আজি কবলৈ লজ্জিত অনুভৱ কৰিছো’- ছাত্ৰ নয়নে কয়।
দুৰ্ঘটনাত পতিত এগৰাকী মানুহক সহায় কৰিছিল সেইয়া তেওঁলোক ভুল আছিল নেকি!মানুহৰ মাজত ইমান ভুল বুজা বুজি কিয়, যাৰ বাবে এজন মানুহক মাৰি পেলাব পাৰিল,আক্ষেপ প্ৰকাশ কৰি ছাত্ৰ জনে লগতে কয়।
কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা ছাত্ৰ নয়নৰ অসম চৰকাৰ,আৰক্ষী প্ৰতি দাবী- ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ঘটনা বিচাৰ কৰি আইন অনুসৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক।উপযুক্ত শাস্তি নাপালে এনেধৰণৰ ঘটনা পুনৰ সংঘটিত হব।ঘটনা সংঘটিত কৰিবলৈ উৎসাহ পাব।