![]()
নিউজ ডেস্কঃ
চলন্ত ৰে’লৰ পৰা জাঁপ দিলে দুই মহিলাই। ঘটনাত তীব্ৰ চাঞ্চল্য পুৰুলিয়া ষ্টেচনত। সোমবাৰে বিয়লি ৩ বজাত পুৰুলিয়া ষ্টেচনত ৩ নম্বৰ প্লেটফর্মত চলন্ত ৰে’লৰ পৰা জাঁপ দিয়ে দুই মহিলাই। কিন্তু ভাৰসাম্য ৰাখিব নোৱাৰি প্রথমগৰাকী প্লেটফর্মৰ ওপৰত পৰি যায়।
আনজন ৰে’লৰ তলত পৰি যোৱাৰ সময়তে ষ্টেচনত কর্মৰত আৰপিএফ জোৱানৰ তৎপৰতাত মহিলাগৰাকীক টানি উদ্ধাৰ কৰে। ইতিমধ্যে সমগ্র ঘটনাৰ ভিডিও ভাইৰেল হৈছে।
জানিব পৰা মতে মহিলা দুগৰাকী ভুল ৰে’লত উঠিছিল। সেয়ে তেওঁলোকে তাৰ পৰা নামিবলৈ খৰধৰ কৰোতেই উক্ত বিপত্তি ঘটে।












