মনোৰঞ্জনঃ
বিশ্বৰ ঐতিহ্যত এক উল্লেখনীয় স্থান দখল কৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যান আমাৰ সম্পদস্বৰূপ । এই কাজিৰঙা তথা তাৰ বন্যপ্রাণীসমূহক সুৰক্ষা প্রদান কৰাটো প্রতিগৰাকী সমাজ সচেতক ব্যক্তিৰে কাম্য । কিন্তু প্রকৃতার্থত কাজিৰঙাখন সম্পূর্ণৰূপে সুৰক্ষিত নে ?
তাত থকা বন্যপ্রাণীসমূহ মুকলি মনেৰে বিচৰণ কৰিব পৰা অৱস্থাত আছেনে ? বিশ্বব্যাপী কাজিৰঙাৰ অস্তিত্ব বিয়পি থকা ইয়াৰ মূল অংগ এশিঙিয়া গড়েঁই আজি সংকটৰ গৰাহত । এইক্ষেত্রত দিন-ৰাতি একাকাৰ কৰি বন্যপ্রাণীসকলক সুৰক্ষা প্রদান কৰা বনকর্মীসকলৰ ত্যাগক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ ।
বনকর্মীসকলৰ এই দুখ, দুর্দশা আৰু ত্যাগৰ কাহিনীৰে শেহতীয়াকৈ নির্মিত হৈছে এখন পূর্ণদৈর্ঘ্যৰ অসমীয়া ছবি । আৰ জি প্রডাকচনৰ বেনাৰত ৰমেন গগৈৰ প্রযোজনা আৰু পৰিচালনাৰে নির্মিত মুক্তিৰ অপেক্ষাত থকা উক্ত ছবিখনৰ নাম ‘চন্দ্র সূর্য আদি’ । ছবিখনৰ কাহিনী-চিত্রনাট্য-সংলাপ পৰিচালক ৰমেন গগৈৰ । পৰিচালকে জানিবলৈ দিয়া মতে, ছবিখনৰ কাহিনীভাগ মূলতঃ কাজিৰঙাৰ বনকর্মীৰ জীৱনৰ আধাৰত ৰচিত হৈছে, সমান্তৰালভাৱে চোৰাংচিকাৰীৰ বিষয়টোও ছবিখনত উত্থাপন কৰা হৈছে ।
ছবিখনৰ মূল কেন্দ্রীয় চৰিত্রসমূহত অভিনয় কৰিছে ক্রমে দ্বীপ শইকীয়া, অতনু কাশ্যপ, ময়ুখ প্রতীম চুতীয়া, সংগত চহৰীয়া, ধর্মেন্দ্র প্রধান, ৰাজু বৰা, নৱজ্যোতি দাস, চানি চৰকাৰ, অভয় দিচাং, মিণ্টু, ৰিতুপ্রিয়ম, তুলিকা দাস, বুলুআৰা বেগম, দীক্ষিতা কলিতা, নমিতা বৰা, মঞ্জু দিহিংগীয়া, পৰিক্ষীতা আদিয়ে । বিভিন্ন মনোৰম লোকেচনত ছবিখনৰ দৃশ্যগ্রহণ কৰাৰ লগতে সম্পাদনা কৰিছে নাছিৰুল হুছেইনে, মেকআপ মন্দিৰা চেতিয়াৰ, পোষ্টাৰ ডিজাইন পার্থ জিত হীৰাৰ । ছবিখনৰ প্রযোজনা নিয়ন্ত্রক বসন্ত গগৈ আৰু জ্যোতিময় গগৈ ।
ছবিখন সন্দর্ভত নিজৰ মনৰ ভাব ব্যক্ত কৰি পৰিচালকগৰাকীয়ে কয়, এক দীর্ঘম্যাদী পৰিকল্পনাক সাকাৰ ৰূপ দিয়াৰ মানসেৰে ছবিখন নির্মাণৰ কাম হাতত তুলি লৈছিলো । সেইমর্মে ২০২০ চনত কলা-কুশলীসকলৰ সহযোগিতাত চিত্রগ্রহণৰ কাম আৰম্ভ কৰিলোঁ যদিও কোৰোনা মহামাৰীৰ প্রভাৱে আমাক স্তব্ধ কৰি তোলে । তথাপিও সকলো ঘাত-প্রতিঘাত তথা প্রতিবন্ধতা নেওচি আমি আগুৱাই গ’লো ।
সেইমতে দৃশ্যগ্রহণৰ কাম সমাপ্ত হোৱাৰ পিছত ইতিমধ্যে ছবিখনে চেঞ্চৰ লাভ কৰিবলৈও সক্ষম হ’ল । আকৌ, শেহতীয়াকৈ ছবিখনৰ অফিচিয়েল টিজাৰটি অনলাইন নেটৱর্কিং ছাইটযোগে দর্শকৰ বাবে মুকলি কৰি দিয়া হয় । লক্ষণীয়ভাৱে মুক্তিৰ লগে লগে টিজাৰটিয়ে চলচ্চিত্রপ্রেমীৰ দৃষ্টি আকর্ষণ কৰা দেখা গৈছে । উল্লেখ্য যে, ইয়াৰ পূর্বে ৰমেন গগৈৰ পৰিচালনাত বিগত বর্ষৰ মার্চ মাহত মুক্তিলাভ কৰিছিল পূর্ণদৈর্ঘ্যৰ অসমীয়া ছবি ‘তুমি আৰু মই’ ।
ছবিখনে সমগ্র অসমৰে চলচ্চিত্রপ্রেমীৰ ব্যাপক সহাঁৰি লাভ কৰা পৰিলক্ষিত হৈছিল । পূর্বৰ ছবিখনৰ নিচিনাকৈ উক্ত ছবিখনেও মুক্তিৰ লগে লগে চলচ্চিত্রপ্রেমীৰ আশানুৰূপ সহাঁৰি লাভ কৰিব বুলি প্রযোজনাগোষ্ঠী গভীৰ আশাবাদী । আগন্তুক বহাগ বিহুৰ সময়ত ছবিখন চিত্রগৃহলৈ আহিব বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে ।