মনোৰঞ্জনঃ
বিগত কিছুদিনৰ পৰা বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা নিজৰ বিবাহৰ প্ৰসংগক লৈ চৰ্চা লাভ কৰিছিল। চচিয়েল মিডিয়াত অভিনেত্ৰী গৰাকীয়ে নিজ নামৰ পৰা জোনাস নামটো আঁতৰাই দিয়া ফলত তেওঁৰ বিবাহ বিচ্ছেদ হোৱা বুলি বহুতে মন্তব্য কৰে। এগৰাকী গ্লোৱেল চিলেব্ৰেটী হিচাবে চিনাকী লাভ কৰিছে বৰ্তমান প্ৰিয়ংকা চোপ্ৰাই, য’ত তেওঁক প্ৰায়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানসমূহত উপস্থিত থকা দেখিবলৈ পোৱা যায়।
শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাই এটি অনুষ্ঠানৰ বাবে এনে এযোৰ কাপোৰ পৰিধান কৰে য’ত তেওঁক বহুলোকে প্ৰশংসা কৰে যদিও বহুতেই তেওঁক ৰণবীৰ সিঙৰ সৈতে তুলনা কৰিছে। চাওক ফটোসমূহঃ