নিউজ ডেস্কঃ
ডিব্ৰুগড়ত এটা ঘৰত দুটাকৈ নৃশংস হত্যাকাণ্ড হোৱাৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। নিজ স্বামীয়ে পত্নী আৰু ভাড়াঘৰৰ মালিকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ দিছে এটা ৫ বছৰীয়া শিশুৱে। হত্যাকাণ্ড সংঘটিত কৰি অভিযুক্তই সন্তানটিক লৈ পলায়ন কৰে। ডিব্ৰুগড়ৰ বৈৰাগীমঠ মলখুবচাৰ কছাৰীগাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড দুটা। সুধীৰ গগৈ নামে ভাড়াঘৰৰ মালিকক নিজ বাসগৃহৰ শোৱনীকোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰাৰ পৰিৱৰ্তে ভাড়াতীয়া কাজল গগৈৰো মৃতদেহ উদ্ধাৰ হয় নিজ বাসগৃহত।
অভিযুক্তৰ নাম হৈছে ৰাজীৱ চুংক্ৰাং। চহৰখনৰ মলখুবচাৰ কচাৰীগাঁওৰ জ্ঞান-বিজ্ঞান একাডেমীৰ সমীপত সুধীৰ গগৈয়ে অকলশৰীয়াকৈ বাঁহৰ ঘৰৰ বসবাস কৰি আহিছিল।নিজ ভেটিৰ লগতে অলপ মাটি থকাৰ বাহিৰে সুধীৰৰ চাৰিসীমাত তেনে কোনো বেৰা নাছিল।তাৰোপৰি ঘৰৰ সন্মুখত নাছিল কোনো বেৰা বা গেট।ঘাইপথৰ পৰা প্ৰায় ৫০মিটাৰ নিলগত থকা সুধীৰৰ দুয়োকাষে দুটাকৈ ঘৰ থকা স্বত্বেও শীতৰ জোনাকভৰা নিশা ঘাটকে হত্যা কৰি নিৰ্ভয়ে পলায়ন কৰিবলৈ সক্ষম হয়।
কাজলৰ কনমাণি পুত্ৰই পৰিয়ালৰ লোকক খবৰ দিয়াৰ পিছত আৰক্ষীক খবৰ দিয়া হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰেই ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।জানিব পৰা মতে, সুধীৰ গগৈৰ হাত ভৰি বান্ধি থকা অৱস্থাত মৃতদেহটো এখন লেপৰে ঢাকি ৰাখিছিল।এখন ৰুটি বনোৱা তাৱাৰ জৰিয়তে অতি নৃশংস ভাৱে হত্যা কৰা হয় প্ৰায় ৬২ বছৰীয়া অবিবাহিত লোক জনক।আৰক্ষীৰ সূত্ৰ অনুসৰি, সুধীৰৰ মৃতদেহটো প্ৰত্যক্ষ কৰি এদিন বা দুদিনৰ পূৰ্ৱে হত্যা কৰা বুলি অনুমান কৰা হৈছে। ইয়াৰ পাছতে ঘৰটোৰ মাজৰ এটা কোঠা এৰি তৃতীয়টো কোঠালিৰ বিছনাত কাজল নামৰ মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে ।মৃত মহিলা কাজলৰ কনমানি পুত্ৰই নিজ দেউতাকে হত্যা কৰিছে বুলি সদৰী কৰিলেও স্বাভাৱিকতে বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে।
নিশাই অৱগত কৰাত আৰক্ষীক লগে লগে খবৰ দিয়া নহ’ল কিয়? আনহাতে, তাৎক্ষণিকভাৱে ৫ বছৰীয়া কনমানিটোৱে সুধীৰৰ ভতিজীহঁতক অৱগত কৰাৰ পাছতো ভতিজীৰ পৰিয়ালে দদায়েকক দেখা নোপোৱা বা কোঠাত তলা লাগি থকা বুলি সংবাদকৰ্মীক অৱগত কৰা বিষয়বোৰে সমগ্ৰ ঘটনাটো ৰহস্যঘন কৰি তুলিছে। আচৰিত কথা যে এদিন পূৰ্বে ভাড়াতীয়া হিচাপে অহা কাজলৰ পৰিয়ালৰ সবিশেষ সুধীৰৰ পৰিয়ালৰ লোকে জানিলে কেনেকৈ?অৱশ্যে আৰক্ষীৰ প্ৰকৃত তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।