ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিব্ৰুগড় দুটাকৈ হত্যাকাণ্ড, অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টিঃ

Staff Reporter by Staff Reporter
November 30, 2021
Reading Time: 1 min read
A A
0
ডিব্ৰুগড় দুটাকৈ হত্যাকাণ্ড, অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টিঃ

logo new 2 1 1 4 1 3 10 | ASSAM TIMES POST

RELATED POSTS

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

নিউজ ডেস্কঃ

ডিব্ৰুগড়ত এটা ঘৰত দুটাকৈ নৃশংস হত্যাকাণ্ড হোৱাৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। নিজ স্বামীয়ে পত্নী আৰু ভাড়াঘৰৰ মালিকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ দিছে এটা ৫ বছৰীয়া শিশুৱে। হত্যাকাণ্ড সংঘটিত কৰি অভিযুক্তই সন্তানটিক লৈ পলায়ন কৰে। ডিব্ৰুগড়ৰ বৈৰাগীমঠ মলখুবচাৰ কছাৰীগাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড দুটা। সুধীৰ গগৈ নামে ভাড়াঘৰৰ মালিকক নিজ বাসগৃহৰ শোৱনীকোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰাৰ পৰিৱৰ্তে ভাড়াতীয়া কাজল গগৈৰো মৃতদেহ উদ্ধাৰ হয় নিজ বাসগৃহত।

IMG 20211130 WA0019 | ASSAM TIMES POST

অভিযুক্তৰ নাম হৈছে ৰাজীৱ চুংক্ৰাং। চহৰখনৰ মলখুবচাৰ কচাৰীগাঁওৰ জ্ঞান-বিজ্ঞান একাডেমীৰ সমীপত সুধীৰ গগৈয়ে অকলশৰীয়াকৈ বাঁহৰ ঘৰৰ বসবাস কৰি আহিছিল।নিজ ভেটিৰ লগতে অলপ মাটি থকাৰ বাহিৰে সুধীৰৰ চাৰিসীমাত তেনে কোনো বেৰা নাছিল।তাৰোপৰি ঘৰৰ সন্মুখত নাছিল কোনো বেৰা বা গেট।ঘাইপথৰ পৰা প্ৰায় ৫০মিটাৰ নিলগত থকা সুধীৰৰ দুয়োকাষে দুটাকৈ ঘৰ থকা স্বত্বেও শীতৰ জোনাকভৰা নিশা ঘাটকে হত্যা কৰি নিৰ্ভয়ে পলায়ন কৰিবলৈ সক্ষম হয়।

IMG 20211130 WA0018 | ASSAM TIMES POST

কাজলৰ কনমাণি পুত্ৰই পৰিয়ালৰ লোকক খবৰ দিয়াৰ পিছত আৰক্ষীক খবৰ দিয়া হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰেই ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।জানিব পৰা মতে, সুধীৰ গগৈৰ হাত ভৰি বান্ধি থকা অৱস্থাত মৃতদেহটো এখন লেপৰে ঢাকি ৰাখিছিল।এখন ৰুটি বনোৱা তাৱাৰ জৰিয়তে অতি নৃশংস ভাৱে হত্যা কৰা হয় প্ৰায় ৬২ বছৰীয়া অবিবাহিত লোক জনক।আৰক্ষীৰ সূত্ৰ অনুসৰি, সুধীৰৰ মৃতদেহটো প্ৰত্যক্ষ কৰি এদিন বা দুদিনৰ পূৰ্ৱে হত্যা কৰা বুলি অনুমান কৰা হৈছে। ইয়াৰ পাছতে ঘৰটোৰ মাজৰ এটা কোঠা এৰি তৃতীয়টো কোঠালিৰ বিছনাত কাজল নামৰ মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে ।মৃত মহিলা কাজলৰ কনমানি পুত্ৰই নিজ দেউতাকে হত্যা কৰিছে বুলি সদৰী কৰিলেও স্বাভাৱিকতে বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

নিশাই অৱগত কৰাত আৰক্ষীক লগে লগে খবৰ দিয়া নহ’ল কিয়? আনহাতে, তাৎক্ষণিকভাৱে ৫ বছৰীয়া কনমানিটোৱে সুধীৰৰ ভতিজীহঁতক অৱগত কৰাৰ পাছতো ভতিজীৰ পৰিয়ালে দদায়েকক দেখা নোপোৱা বা কোঠাত তলা লাগি থকা বুলি সংবাদকৰ্মীক অৱগত কৰা বিষয়বোৰে সমগ্ৰ ঘটনাটো ৰহস্যঘন কৰি তুলিছে। আচৰিত কথা যে এদিন পূৰ্বে ভাড়াতীয়া হিচাপে অহা কাজলৰ পৰিয়ালৰ সবিশেষ সুধীৰৰ পৰিয়ালৰ লোকে জানিলে কেনেকৈ?অৱশ্যে আৰক্ষীৰ প্ৰকৃত তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

Share4Tweet3Send

Related Posts

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
DIPHU

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx