নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ৮ হাজাৰ ৯৫৪ জন। ইয়াৰ ভিতৰত কেৰালাত আক্রান্ত চাৰে চাৰি হাজাৰৰ বেছি। বাকী সকলো ৰাজ্যতে আক্রান্তৰ সংখ্যা এক হাজাৰৰ তলত। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৫ লক্ষ ৯৬ হাজাৰ ৭৭৬।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত মৃত্যু হৈছে ২৬৭ জনৰ। ইয়াৰ ভিতৰত কেৰালাতেই ১৭৭ জন। এতিয়ালৈকে দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৬৯ হাজাৰ ২৪৭ জনৰ।
ইফালে বিগত ২৪ ঘণ্টাত ডেৰ হাজাৰ কমিছে সক্ৰিয় ৰোগী। যাৰ ফলত প্রথমবাৰৰ বাবে দেশত সক্রিয় ৰোগীৰ সংখ্যা কমি ৯৯ হাজাৰ ২৩ জন হৈছে।