নিউজ ডেস্কঃ
আমেৰিকাৰ মিচিগানত নিজৰ স্কুলত ধাৰাসাৰ গুলী চলালে এজন ১৫ বছৰীয়া কিশোৰে। ফলত স্কুল প্রাঙ্গণতেই প্রাণ গ’ল ৩ ছাত্ৰ-ছাত্ৰীৰ। সংকটজনক অৱস্থাত হস্পিটেলত ভর্তি কৰোৱা হয় ৮ জনক। আমেৰিকাৰ অক্সফোর্ড চহৰৰ ‘অক্সফোর্ড হাই স্কুল’ত সহপাঠীৰ ওপৰত হঠাৎ চলোৱা আক্ৰমণৰ অপৰাধত গ্রেপ্তাৰ কৰা হয় কিশোৰজনক।
ঘটনাটি ঘটে মঙ্গলবাৰে। সূত্রৰ খবৰ অনুসৰি, মৃত্যু হোৱা ৩ জনৰ ভিতৰত ১৪ আৰু ১৭ বছৰ বয়সৰ দুই কিশোৰী আৰু ১৬ বছৰৰ এজন কিশোৰ। আহত ৮ জনৰ ভিতৰত এজন শিক্ষকো আছে। এই আক্ৰমণৰ আঁৰত কিবা উদ্দেশ্য আছিল নেকি, সেই বিষয়ে মুখ খোলা নাই কিশোৰজনে। তেওঁৰ পৰা এটি ছেমি অটোমেটিক বন্দুক জব্দ কৰিছে আৰক্ষীয়ে। উক্ত ঘটনাযত শোক প্রকাশ কৰিছে ৰাষ্ট্ৰপতি জো বাইডেনে।