নিউজ ডেস্কঃ
অভিশপ্ত যোৰহাট কাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস আজি পুৱতি নিশা দুৰ্ঘটনা পতিত হৈ মৃত্যুক আকোঁৱালি লয়। অৱশ্যে এয়া এনকাউণ্টাৰ নে দূৰ্ঘটনা? তাক লৈ এতিয়া চৰ্চা লাভ কৰিছে সৰ্বত্ৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰে যে ক’লা ল’ৰাৰ আৰক্ষীৰ কবলৰ পৰা পলাবলৈ চেষ্টা কৰাত তাৰ ওপৰত আৰক্ষীয়ে গুলী চলাবলগীয়া হয়।
কিন্তু আৰক্ষীয়ে জনোৱা তথ্য মতে, ক’লা ল’ৰা দূৰ্ঘটনাত পতিত হয় মৃত্যুবৰণ কৰে। জানিব পৰা মতে, মঙলবাৰে পুৱতিনিশা যোৰহাট-মৰিয়নি পথৰ নপমুৱা অঞ্চলত ক’লালৰাক লগত লৈ লুকুৱাই থোৱা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষীৰ এটা দল গৈছিল। তেনে সময়তে, আৰক্ষীৰ গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰে অভিযুক্ত ক’লা ল’ৰা । আৰু, আৰক্ষীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত ক’লালৰা গুৰুতৰভাৱে আহত হয়। পিছত গুৰুতৰ ভাৱে আহত ক’লালৰা ওৰফে নীৰজ দাসক JMCHত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও পথতে মৃত্যুক সাৱটি লয়। এই দুৰ্ঘটনাত আৰক্ষীৰ এখন গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাগৰাকী আৰক্ষীৰ লোকো আহত হৈছে।