![]()
মনোৰঞ্জনঃ
আলিয়া ভাট আৰু ৰণৱীৰ কাপুৰে বিগত বহু দিনৰ পৰা প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰাখিছে। বৰ্তমান সময়ত তেওঁলোক দুয়োকে প্ৰায়ে একেলগেই দেখিবলৈ পোৱা যায়। তেওঁলোকৰ বিবাহ প্ৰসংগ সচেতন মহলত খলকনি লগাৰ পৰা আৰম্ভ প্ৰেমিক দ্বয়ৰ বিভিন্ন ফটো তথা ভিডিঅ’ ক্ষন্তেকতে ভাইৰেল হৈ পৰাও পৰিলক্ষিত হৈছে। কিন্তু শেহতীয়াকৈ প্ৰেমিক যুগলৰ ভাইৰেল হৈ পৰা ভিডিঅ’টোত ক্ষোভ উজাৰিছে আলিয়া ভাটৰ অনুৰাগীয়ে। আনকি ৰণৱীৰ কাপুৰ অভিনেত্ৰীগৰাকী জীৱনৰ বাবে ভুল ব্যক্তি বুলি কমেণ্ট কৰাৰ উপৰিও বহুলোকে কেটৰিণা কাইফক ৰণৱীৰ কাপুৰৰ সৈতে প্ৰেম বিচ্ছেদ কৰাৰ বাবে ধন্যবাদো জ্ঞাপন কৰে।
https://youtu.be/aLdp20bA7wQ
আচলতে, ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে দীপাৱলীৰ সময়ছোৱাত আলিয়া ভাট আৰু ৰণৱীৰ কাপুৰে একেলগে পূজা কৰে আৰু ষ্টেজৰ পৰা আলিয়া ভাট নামি অহা সময়ত তেওঁৰ কাপোৰ চিৰিত লাগি ধৰে। পিছফালে থকা ৰণৱীৰ কাপুৰে অভিনেত্ৰীগৰাকীৰ কাপোৰটো হাতেৰে ধৰি এৰুৱাই দিয়াৰ পৰিৱৰ্তে ভৰিৰে আঁতৰাই দিয়ে। এই ভিডিঅ’টি যেতিয়াৰ পৰা ভাইৰেল হৈছে তেতিয়াৰ পৰাই ৰণৱীৰ কাপুৰ ৰোষত পৰিছে ৰাইজৰ।












