![]()
নিউজ ডেস্কঃ
তেজপুৰ সদৰ থানাৰ অধীনৰ বৰঘাট আৰক্ষী চকীত কৰ্মৰত কনিষ্টবল দেৱব্ৰত বিশ্বাসে উৎকোচ লৈ আৰক্ষীৰ জালত পৰে। কনিষ্টবল বিশ্বাসৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ অভিযুক্তক আইনী সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰি উৎকোচ গ্ৰহণ কৰে।
সেই অভিযোগৰ ভিত্তিত শোণিতপুৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনৱাতৰ নিৰ্দেশত চলা অভিযানত আজি সন্ধিয়া প্ৰায় ছয় বজাত তেজপুৰ বৰঘাট আৰক্ষী চকীৰ কৰ্তব্যৰত আৰক্ষী কনিষ্টবল দেবব্ৰত বিশ্বাসক অবৈধ ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে, এজন অভিযোগ কাৰীৰ পৰা গোচৰৰ বাবদ নগদ তিনি হাজাৰ টকা লওঁতে অৰ্থাৎ কেমিকেল লগাই বিশেষভাৱে চিহ্নিত কৰা টকা লোৱাৰ পাছত হাতে লোতে ধৰা পেলাই বৰঘাট আৰক্ষী চকীতে দেৱব্ৰত বিশ্বাসক গ্ৰেপ্তাৰ কৰে।
জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে এই বিষয়ে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে আৰক্ষী যে পূৰ্বেও এইগৰাকী আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ উত্থাপিত হৈ আছিল ।আনহাতে কনিষ্টবল বিশ্বাসৰ পৰা নগদ দহ হেজাৰ ছয়শ ত্ৰিশ টকা উদ্ধাৰ কৰাৰ উপৰি ১৪টুকুৰা নকল সোণ উদ্ধাৰ কৰে তদন্তকাৰী ৷ইপিনে ইয়াৰ পাছতে অভিযুক্ত বিশ্বাসৰ খনামুখৰ বাসগৃহতো তালাচী চলাইছে আৰক্ষীয়ে৷












