![]()
ছাইদুল ইছলাম
ডিফুঃ
অসম-নাগালেণ্ড সীমান্তত নিষিদ্ধ ড্ৰাগছ মাফিয়াৰ লগতে অস্ত্ৰ সৰবৰাগকাৰী সকলৰ দৌৰাত্ম বৃদ্ধি পাইছে ৷ বধবাৰে নিশা আৰক্ষীৰ এক অভিযানত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰ সহ এক মণিপুৰী যুৱক ৷
প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে নিশা বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানা অ’চি মৌবলিক ব্ৰক্ষ্ম, উপপৰিদৰ্শক হাওকাম চাংচান, এপি আৰজি কেম্প আৰু সংগীয় ষ্টাফ সহ বোকাজানৰ মাধৱপুৰত এটা ঘৰত অভিযান চলাই এটা ‘২২ পিষ্টল, এটা মেগজিন আৰু চাৰি জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিষ্টলটোৰ লগত বোকাজান মাধৱপুৰৰ চুৰামনি সিংহৰ পুত্ৰ আমু চেনা সিঙ ওৰফে এবুংগক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷
আটকাধীন যুৱকজনক ড্ৰাগছৰ লগত জড়িত থকা বুলি সন্দেহ কৰা হৈছে ৷ অধিক তথ্য জানিবৰ বাবে আৰক্ষীয়ে আমু চেনা সিঙহক জেৰা অব্যাহত ৰখা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷












