![]()
নিউজ ডেস্কঃ
ওমিক্রনৰ আশঙ্কাত বুধবাৰৰ পৰা চিকিমত বিদেশী পর্যটকৰ প্রবেশ বন্ধৰ নির্দেশ জাৰি। ৰাজ্যখনৰ কোনা ঠাইত বিদেশীসকলক প্ৰৱেশৰ কোনো অনুমতি দিয়া নহ’ব বুলিও জনাইছে চিকিম চৰকাৰে। মঙ্গলবাৰে চিকিমৰ গৃহ মন্ত্ৰালয়ে এই নির্দেশ জাৰি কৰে।
চিকিম চৰকাৰৰ এগৰাকী সচিবে এই সন্দৰ্ভত কয় যে বিশ্বৰ ১২খন দেশত ওমিক্রনৰ সন্ধান পোৱা গৈছে। ভাৰততো সতর্কতাৰ কথা কোৱা হৈছে। চিকিমলৈ যিহেতু প্রচুৰ বিদেশী পর্যটক আহে, সেয়ে আগতীয়া সতর্কতা হিচাবে নতুন ব্যৱস্থা লোৱা হৈছে।












