![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ৯ হাজাৰ ৭৬৫ জন। ইয়াৰ ভিতৰত প্রায় চাৰে পাঁচ হাজাৰেই কেৰালাৰ। বাকী ৰাজ্যবোৰত আক্রান্তৰ সংখ্যা হাজাৰৰ তলত। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৬ লক্ষ ৬ হাজাৰ ৫৪১ জন।
আনহাতে, বিগত ২৪ ঘণ্টাত কৰোনাৰ বাবে দেশত প্রাণ হেৰুৱাইছে ৪৭৭ জনে। ইয়াৰ ভিতৰত ৪০৩ জনেই কেৰালাৰ। বাকী ৰাজ্যবোৰ মিলাই মৃত্যু হৈছে ৭৪ জনৰ। এতিয়ালৈকে দেশত কৰোনাত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৬৯ হাজাৰ ৭২৪ জনৰ।ইফালে বিগত ২৪ ঘণ্টাত সক্ৰিয় কৰোনা ৰোগী বাঢ়িছে ৭৪০ জন। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ৯৯ হাজাৰ ৭৬৩ জন।












