![]()
নিউজ ডেস্কঃ
ওমিক্রনক লৈ বৃদ্ধি পোৱা উদ্বেগৰ বাবে আৰম্ভ কৰা নহয় আন্তর্জাতিক বাণিজ্যিক বিমান সেৱা। ১৫ ডিচেম্বৰৰ পৰা এই সেৱা আৰম্ভ হোৱাৰ কথা আছিল। ২৬ নৱেম্বৰত বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল অসামৰিক বিমান পৰিসেৱা মন্ত্রালয়ে। কিন্তু ওমিক্রন আতঙ্কৰ বাবে সেয়া স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।
অসামৰিক বিমান পৰিসেৱা বিভাগৰ সঞ্চালক প্ৰধানে জনাইছে, ‘বিশ্বৰ সামগ্রিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আৰু সংশ্লিষ্ট বিভাগবোৰৰ সৈতে আলোচনা কৰি আন্তর্জাতিক বাণিজ্যিক বিমান সেৱা আৰম্ভৰ বিষয়ত পিছত সিদ্ধান্ত লোৱা হ’ব।’ উল্লেখ্য, আন্তর্জাতিক বাণিজ্যিক বিমান সেৱা ২০ মাহৰো বেছি সময় ধৰি স্থগিত আছে।












