![]()
নিউজ ডেস্কঃ
পশ্চিমবঙ্গৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সঙ্গীত ‘অৱমাননা’ৰ অভিযোগ তুলিলে মুম্বাইৰ এজন বিজেপি নেতাই। তৃণমূল নেত্রীগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এক অভিযোগো দাখিল কৰিছে তেওঁ। কিন্তু এই কথা সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰিছে পশ্চিমবঙ্গ তৃণমূলৰ সাধাৰণ সম্পাদক কুণাল ঘোষে৷ বিজেপিৰ অভিযোগ প্রসঙ্গত বৃহস্পতিবাৰে টুইট কৰি কয়, ‘ৰাষ্ট্ৰীয় সঙ্গীত সন্দৰ্ভত মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভিত্তিহীন কুৎসা ৰটিছে বিজেপিয়ে। মুখ্যমন্ত্রীয়ে ‘জন গণ’ গোৱা নাই। গানৰ শব্দৰ ভাবার্থ বিশ্লেষণ কৰি দেশৰ ঐক্য, ঐতিহ্য, সম্প্রীতি, সংহতিৰ কথা দাঙি ধৰিছিল। বিজেপিয়ে নুবুজে প্রকৃত জাতীয়তাবাদ, নুবুজে ৰাষ্ট্ৰীয় সঙ্গীত, নুবুজে ৰাষ্ট্ৰীয় সংহতি।’
উল্লেখ্য, মঙ্গলবাৰে মুম্বাই ভ্ৰমণলৈ গৈছিল মমতা। আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত শিৱসেনা আৰু এনচিপি নেতৃত্বক সাক্ষাৎ কৰাৰ পিছত এক সংবাদমেল সম্বোধন কৰে তেওঁ। ইয়াৰ পিছত মমতাই বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক আলোচনাত মিলিত হয়। উক্ত বৈঠকতেই ৰাষ্ট্ৰীয় সঙ্গীতক কেন্দ্ৰ কৰি বিতর্কৰ সূত্রপাত হয়।
বিজেপিৰ অভিযোগ, বৈঠক চলি থকাৰ মাজতে হঠাৎ মমতাই থিয় হৈ ৰাষ্ট্ৰীয় সঙ্গীত গাবলৈ আৰম্ভ কৰে। বিজেপিৰ দাবী, সম্পূৰ্ণ ৰাষ্ট্ৰীয় সঙ্গীত নাগাই, কেইটামান শাৰী উচ্চাৰণৰ পিছতে হঠাৎ ৰাষ্ট্ৰীয় সঙ্গীত গোৱা বন্ধ কৰি ‘জয় মহাৰাষ্ট্র’ শ্লোগান দিয়ে। ইয়াতেই আপত্তি মুম্বাই আৰু বংগ বিজেপিৰ।












